অৰুণাচল প্ৰদেশৰ টাৱাঙত মুকলি কৰা হ'ল ছবিগৃহ

A

 

B


নিউজ ডেস্ক:
টাৱাঙত মুকলি কৰা হ'ল এটা ছবিগৃহ ।ভাৰত-চীন সীমান্ত টাৱাঙত এতিয়াৰে পৰা সেনাবাহিনীৰ লোক আৰু স্থানীয় ৰাইজে আমোদ লাভ কৰিব চলচ্চিত্ৰৰ ৷
সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,000 ফুট উচ্চতাত একমাত্ৰ মহিলা দলৰ দ্বাৰা পৰিচালিত এটা চিনেমা হল শনিবাৰে দিনৰ ১১ বজাত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে ।
উল্লেখ্য যে মহিলা সৱলীকৰণৰ প্ৰতীক হিচাপে বলিউডৰ "বান্তি বাবলি" ছবিৰে উদ্বোধন কৰি আমোদ ল’লে শতাধিক জনতাই । হলটোৰ দায়িত্বত থকা সকলে কয় যে, আমি বিচাৰো টাৱাঙৰ লোকসকলে চিনেমা, কেফে আৰু ভাৰ্চুৱেল ৰিয়েলিটি সকলোবোৰ অতি কম খৰচত উপভোগ কৰক ।মানুহে ডাঙৰ চহৰলৈ দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাটো নিবিচাৰো, আমি বিচাৰো যে মানুহে তেওঁলোকৰ গৃহ চহৰত এনে আনন্দ উপভোগ কৰক ৷"

Your Comments