নিউজ ডেস্ক:
হাজোৰ নৱবিবাহিতা কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ উচিত তদন্ত বিচাৰি আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই ।
বোৱাৰী কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ ২৫ দিন উকলি যোৱাৰ পিছতো কংকনা মজুমদাৰৰ স্বামী তথা পৰিয়ালৰ কোনো এজন লোককে আৰক্ষীয়ে আটক কৰিব পৰা নাই। আৰক্ষী- প্ৰশাসনৰ প্ৰতি বিতুষ্ট হৈ স্থানীয় ৰাইজ তথা আছুৱে ৰূপায়ণ কৰিছে তীব্ৰ প্ৰতিবাদ । আজি হাজো আছুৰ নেতৃত্বত উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল। হাজোৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ কংকনা মজুমদাৰৰ ৰহস্যজনক আত্মহত্যাৰ উচিত তদন্ত লাগে, দোষীক কৰায়ত্ত কৰক, হত্যাকাৰীক ফাচি দিয়ক অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে হাজো গুৱাহাটী পথ উত্তাল কৰি তোলে প্ৰতিবাদ কাৰী সকলে । উল্লেখ্য যে বিগত সাত মাহ পূৰ্বে হাজোৰ অভয়পুৰৰ দ্বীপেন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰামদিয়াৰ উজানকুড়িৰ কংকনা মজুমদাৰ । কৰ্ম সূত্ৰে স্বামী দ্বীপেন দাসৰ সৈতে লামডিঙত আছিল কংকনা মজুমদাৰ । কিন্তু যোৱা ১৩ অক্টোবৰত ৰহস্যজনকভাৱে লামডিঙৰ হাতীশালী ৰেলৱেৰ কোৱাটাৰত উদ্ধাৰ হৈছিল বোৱাৰী কংকনা মজুমদাৰৰ মৃতদেহ । কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কংকনাৰ ৰহস্যজনক মৃত্যুৰ কাৰণ।তাৰেই পৰিপ্ৰেক্ষিতত ঘটনাৰ উচিত তদন্ত বিছাৰি আজি পৰিয়াল তথা স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰীক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কংকনা হত্যাকাণ্ডৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে হাজো আঞ্চলিক ছাত্ৰ সন্থাই । লগতে ছাত্ৰ সন্থাই হাজো চক্ৰ বিষয়া জাহ্নৱী সোনোৱালৰ জৰিয়তে মূখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক, কামৰূপ আৰক্ষী অধীক্ষক, আৰু ডিমা হাছং আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰদান কৰে । কংকনা হত্যাৰ প্ৰকৃত ৰহস্য অতি শীঘ্ৰে পোহৰলৈ আনি দোষীক শাস্তি প্ৰদান নকৰিলে পৰবৰ্তী সময়ত আছুৱে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আছুৰ নেতৃত্বই। প্ৰতিবাদী সকলৰ লগত আছিল সদৌ কামৰূপ জিলা আছুৰ সাধাৰণ সম্পাদক পংকজ কলিতা,হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস,সম্পাদক তপন দাস,প্ৰাক্তন আছু নেতা আজমল আলীকে ধৰি ভালেসংখ্যক আছুৰ নেতা কৰ্মী আৰু স্থানীয় লোক।
- Log in to post comments
- 18 views