নিউজ ডেস্ক:
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।ঠিক সেই সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে বৃহৎ সফলতা হোৱা দেখা যায়।আজি শনিবাৰে পুৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত আল্লিয়াত দুখন গৰু ভৰ্তি টেম্পভেন জব্দ কৰে । টেম্পভেন দুখনৰ পৰা উন্নত প্ৰজাতিৰ ৬ টা দমৰা,১ টা গাই,আৰু ১ চেউৰী গৰু উদ্ধাৰ কৰে । তামুলপুৰ পৰা নলবাৰীৰ আল্লিয়া অভিমুখে গৈ থকা অৱস্থাত ঘগ্ৰাপাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত ঘগ্ৰাপাৰ আৰক্ষীৰ উপ পৰিদৰ্শক আশীষ মহন্তসহ এটা আৰক্ষীৰ দলে উক্তস্থানৰ পৰা গৰুসহ টেম্পভেন এখনৰ নম্বৰ As 25DC 2932.আৰু আন এখন নম্বৰবিহীন টেম্পভেন জব্দ কৰে। ইফালে আৰক্ষীয়ে আটক কৰা ধৃত চোৰকেইটা ক্ৰমে--ধমধমাৰ কৰিমুদ্দিন আলী,বৰাজোল নোনাপাৰৰ ৰফিকুল ইছলাম, নমাটিৰ আমজান আলী,হবিবুৰ ৰহমান আৰু কুমৰীকটা বাহবাহীৰ ফাৰুক আলী বুলি জানিব পৰা গৈছে ।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডিবিধি আইনৰ অধীনত ৬০১/৩৭৯/৪১১...এক গোচ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 11 views