২৫নৱেম্বৰত ৰাজ্যৰ শিক্ষা খণ্ডত আহিব পৰিৱৰ্তন, ৫খন মহাবিদ্যালয় ২বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

ৰাজ্যৰ শিক্ষা ব্যৱস্থাত নতুন শিক্ষা নীতি ২০২০ কাৰ্যকৰি কৰাৰ বাবে তৎপৰ অসম চৰকাৰ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উত্তৰ-পূৱ শিক্ষা সমাৰোহত অংশলৈ এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।২৫ নৱেম্বৰত বঙাইগাঁও কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় তেওঁ।নতুন শিক্ষা নীতি-২০২০ক'লৈ অনুষ্ঠিত সমাৰোহত ঘোষণা কৰে অসমৰ ৫ খনকৈ মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ কথা।সেই মতে উত্তৰ-লখিমপুৰ মহাবিদ্যালয় ,নগাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, জেবি মহাবিদ্যালয়, আৰু কৃষ্ণকান্ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ কৰা হ'ব উন্নীতকৰণ।

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক- অধ্যাপিকাই অংশগ্ৰহণ কৰা সমাৰোহত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধমেন্দ্ৰ  প্ৰধান ,শিক্ষামন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী ইউজি ব্ৰহ্ম, সঞ্জয় কৃষান, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ প্ৰফেছৰ ডিপি সিং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্হিত থাকে।

উল্লেখ্য শিক্ষা সমাৰোহখনৰ প্ৰধান উদেশ্য হৈছে কেন্দ্ৰীয় নতুন শিক্ষা নীতি-২০২০ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঠিক প্ৰয়োগ কৰা।

"ভাৰতীয় সভ্যতা-সংস্কৃতি আৰম্ভ  হৈছে জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষনেৰে।এই নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত প্ৰেৰণা দিছে"- ভাষণৰ প্ৰসংগত ডঃ শৰ্মাই  এইদৰে কয়।

Your Comments