ঘগ্ৰাপাৰৰ ৩ পঞ্চায়তত দিব‍্যাংগৰ পৰীক্ষণ শিবিৰ অনুষ্ঠান

A

নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টি,বড়িগোগ বনভাগ মণ্ডলৰ সহযোগত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ  উদ‍্যোগত  আজি ঘগ্ৰাপাৰৰ তিনি গাঁও পঞ্চায়তত পৃথকে পৃথকে  দিব‍্যাংগসকলক বাবে একোটা  পৰীক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই উদ্দেশি আজি পূৱা ১০ বজাত বালিতাৰা গাঁও পঞ্চায়তত অনুষ্ঠিত শিবিৰটো মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। শিবিৰটো মুকলি কৰি বেজবৰুৱাই বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমুহৰ কথা উল্লেখ কৰাৰ লগতে দিব‍্যাংগসকলৰ বাবে গ্ৰহণ আঁচনিসমুহৰ কথাও সদৰী কৰে। ইয়াৰ পিছতে চটাইবাৰী গাঁও পঞ্চায়তৰ শিবিৰটি মুকলি কৰে গাঁও পঞ্চায়তখনৰ সভাপতি দীপুল পাটোৱাৰীই।অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণে ভাষণ দিয়ে।একে সময়তে আল্লিয়া গাঁও পঞ্চায়তৰ শিবিৰটো মুকলি কৰে  বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক কনক ভৰালীয়ে। ইফালে নলবাৰী স্বাস্থ্য বিভাগৰ ৫ গৰাকী অভিজ্ঞ সম্পন্ন  চিকিৎসকে বালিতাৰাত পঞ্চায়তত ৭৫ গৰাকী, আল্লিয়া গাঁও পঞ্চায়তত ৭৫ গৰাকী আৰু চটাইবাৰী গাঁও পঞ্চায়তত  ৭০ গৰাকীক পৰীক্ষণ কৰি প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে।

Your Comments

Related Articles