ঘগ্ৰাপাৰ-বিলপাৰৰ এটা অসহায় পৰিয়ালৰ চকুত চকুপানী ;পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ -মাতৃৰ সহায়ৰ ভিক্ষা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ

A

নিউজ ডেস্ক:


নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান ২১ বছৰীয়া যুৱক ৰতন ডেকাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰিছে পৰিয়াল তথা গাঁওবাসীয়ে।

ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছে।

পিতৃ শাৰীৰিক ভাবে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।

হঠাৎ ৰতন লাহে লাহে শৰীৰিক ভাবে অসুস্থ হৈ পৰাত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।

গাওঁৰ সচেতন যুৱক সকলে দুই এটকা যোগাৰ কৰি দিছে যদিও সেয়া যঠেষ্ট নহয়।

ৰতনৰ চিকিৎসাৰ বাবে 30/35 লাখ টকাৰ প্ৰয়োজন, সেইবাবে উপায়ন্তৰ হৈ পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে।

বৰ্তমান যুৱকজন গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে।

দল সংগঠন তথা সচেতন হৃদয় বান ব্যেক্তিয়ে যদি দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে CBI3766913258
IFSC=CBIN0282459

নতুবা 9957879733

নম্বটোত যোগাযোগ কৰি অসপ সহায় কৰিলে অসহায় যুৱকজনে এটা নতুন জীৱন পাবলৈ সক্ষম হ'ব।

Your Comments

Related Articles