মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান

A

নিউজ ডেস্ক:
 মৰিগাঁও জিলা মীন বিভাগৰ কাছধৰা,দেওৰা আৰু চাৰণ বিলৰ মেটেকা পৰিষ্কাৰ কৰাৰ নামত দুই কোটিতকৈ অধিক টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকা সময়তে আজি জিলা মীন বিভাগৰ এজন জ্যেষ্ঠ সহায়কে উৎকোচ লওঁতেই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মীন বিভাগত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা জ্যেষ্ঠ সহায়ক জনৰ নাম হৈছে হৰেন্দ্ৰ নাথ। মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ (পাৰ্চনেল) মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেন্দ্ৰ নাথে    মৰিগাঁও জিলা গৰঙা  বিলৰ বাবে নিবিদাৰ আবেদন কৰিছিল এখন চ’চাইটিৰ হৈ ৰাম প্ৰসাদ চৰকাৰ সহ কেইজনমান লোকে। চচাইটি খনে নিবিদা লাভ নকৰাত বিল খনৰ  নিবিদাৰ অন্তত আমানতৰ ১ লাখ ৭৫ হাজাৰ টকাৰ ড্ৰাফ খন  ঘূৰাই পাবলৈ আবেদন কৰে চচাইটিৰ খনে৷ কিন্তু বিগত ৫ মাহে তাত বাতি কাৰি  পোৱা নাই আমানতৰ ধন৷ উক্ত ধন মোকলাই দিয়াৰ নামত হৰেন্দ্ৰ নাথ নামৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক জনে ৫ হাজাৰ টকা উৎকোচ দাবী কৰিছিল৷ পিছত ৰাম প্ৰসাদ সৰকাৰৰ লগত ৪ হাজাৰ টকাত  দৰদাম কৰি উৎকোচৰ ৫ শ টকা আগধন লয় হৰেন্দ্ৰ নাথে৷ ইয়াৰ পাছতে ৰামপ্ৰসাদ চৰকাৰ নামৰ ব্যক্তি জনে  মৰিগাঁও আৰক্ষী অধীক্ষকক ঘটনাৰ সন্দৰ্ভত  অৱগত কৰে। আৰক্ষী অধীক্ষকৰ পৰামৰ্শ ভিত্তিত  দুৰ্নীতি নিবাৰণ শাখাত ভুক্তভোগী ৰাম প্ৰসাদ সৰকাৰে দিয়া অভিযোগৰ আধাৰত আজি মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত হাতেলোতে ৩ হাজাৰ ৫ শ  টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিৱাৰক শাখাই আটক কৰে কৰ্মচাৰী জনক।উল্লেখ্য যে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰা ৰামপ্ৰসাদ চৰকাৰ মৰিগাঁও জিলা শাসকীয় বিজেপি দলৰ জিলা সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ।

Your Comments

Related Articles