শ্বহীদ জোঁৱান সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫০লাখ টকা: কণমানি পুত্ৰৰ চোৱা-চিতাৰ দায়িত্ব ললে মুখ্যমন্ত্ৰীয়ে

A

নিউজ ডেস্ক:

মণিপুৰত উগ্ৰপন্থীৰ এম্বুছত শ্বহীদ হোৱা অসম ৰাইফলছৰ জোৱান সুমণ স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।বীৰ শ্বহীদ জোৱানজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই।উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ সুমণৰ পত্নীৰ হাতত ৫০লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়ায় শৰ্মাই।ইফালে স্থানীয় জনতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় বীৰ জোঁৱানজনৰ জন্মভূমি থেকেৰাকুচি কাঁহিবাৰী গাঁৱৰ পথছোৱা জোঁৱান গৰাকীৰ নামেৰে নামাকৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰে।লগতে সুমনে অধ্যয়ন কৰা হিড়িম্বা বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মানৰ আশ্বাস প্ৰদান কৰে শৰ্মাই।

যোৱা ১৩নৱেম্বৰত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল অসমৰ বীৰ জোঁৱান গৰাকী।মৃত্যুৰ সময়ত জোঁৱান গৰাকীয়ে তিনি বছৰীয়া পুত্ৰ সন্তান আৰু পত্নীক এৰি থৈ গৈছে।ইফালে আজি মুখ্যমন্ত্ৰীয়ে বীৰ জোৱান গৰাকীয়ে এৰি যোৱা একমাত্ৰ কণমানি পুত্ৰ সন্তান বৰাদ স্বৰ্গীয়াৰীৰ চোৱা-চিতাৰ দায়িত্ব লোৱাৰ সংকল্প গ্ৰহণ কৰা বুলিও ঘোষণা কৰে। 

মুখ্যমন্ত্ৰীৰ ভ্ৰমণত সংগ দিয়ে বহু মন্ত্ৰী আৰু বহুকেইজন বিধায়কে।

Your Comments