সমাজসেৱক যুৱ নেতা কৰণ কুমাৰ ভূঞালৈ ইণ্ডিয়ান হিউমেনিটেৰিয়ান এৱাৰ্ড প্ৰদান

A

Bনিউজ ডেস্ক :
যুৱ নেতা  শ্ৰী কৰণ কুমাৰ ভূঞালৈ ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত সংগঠন  ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে "ইণ্ডিয়ান হিউমেনিটেৰিয়ান এৱাৰ্ড" ৷ উল্লেখ্য যে ইণ্ডিয়ান বুক অব ৰেকৰ্ডছে  প্ৰতিবছৰে  ভাৰতৰ বিশিষ্ট লোকসকলক এই বঁটা প্ৰদান কৰি আহিছে৷২০২০-২১ বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে যুৱনেতা কৰণ কুমাৰ ভূঞাক ৷ছাত্ৰাৱস্হাৰ পৰাই ভূঞাই  অসমৰ সমাজ জীৱনৰ লগত জড়িত হৈ  নিস্বাৰ্থভাবে বিভিন্ন সামাজিক কাম কাজ কৰি আহিছে ৷পূৰ্বতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতিৰ দ্বায়িত্ব আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰা ভূঞাই বৰ্তমান উদ্যোগী যুৱ সমাজ অসম নামৰ NGOটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি থকাৰ লগতে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ F&P.D .অসম ৰাজ্যিক  সমিতিৰ সভাপতি হিচাপেও দ্বায়িত্ব গ্ৰহণ কৰি আছে। ভূঞাৰ এই  বঁটা প্ৰাপ্তিত তেখেতৰ শুভাকাংক্ষীৰ লগতে সচেতন মহল গৌৰৱান্বিত হৈছে ৷

Your Comments