নিউজ ডেস্ক:
নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি দিনৰ ১১.০০.বজাত জিলা তথ্য ও জনসংযোগ বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ উদ্যোগত 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২১' পালন কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এখনি সভাৰ লগতে 'সংবাদ মাধ্যমক ভয় নকৰে কোনে?'শীৰ্ষক বিষয় বস্তুৰ এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। জিলা উপায়ুক্ত গীতিমণি ফুকনে সভাপতিত্ব কৰা এই অনুষ্ঠানটোত আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাবে স্থানীয় নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক, লেখক তথা বিশিষ্ট সমাজকৰ্মী ড°দিনমনি ভাগৱতী আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়, নলবাৰীৰ বৰ্তমানৰ অধ্যক্ষ ড° কৃষ্ণ চন্দ্ৰ গৌড় উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাবে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা উপস্থিত থাকে। আজিৰ অনুষ্ঠানৰ মধ্যমনি সংবাদসেৱী বন্ধু সকলক প্ৰশাসনৰ তৰফৰ পৰা ফুলাম গামোছাৰে আজিৰ এই বিশেষ দিনটোত উষ্ম অভিনন্দন জনোৱাৰ লগতে প্ৰতিগৰাকীকে জিলা উপায়ুক্তৰ দ্বাৰা স্বাক্ষৰিত মানপাত্ৰ প্ৰদান কৰি তেখেতসকলে সমাজৰ কল্যাণৰ হকে নিঃস্বাৰ্থভাৱে, আপোচবিহীনভাৱে, দায়বদ্ধতাৰে আগবঢ়াই অহা সংবাসেৱাৰ শলাগ হিচাপে এই স্বীকৃতি প্ৰদান কৰা হয়।
আজিৰ আলোচনা চক্ৰৰ আমন্ত্ৰিত সমল ব্যক্তিদ্বয় তথা বিশিষ্ট অতিথিৰ তথ্য সমৃদ্ধ ভাষনে আলোচনা চক্ৰৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ড° দিনমনি ভাগৱতীয়ে তেখেতৰ বক্তব্যত সংবেদনশীল তথা দায়িত্বশীল সাংবাদিকতাৰ গুৰুত্ব বিষয়ে উল্লেখ কৰে। কাৰ্যপালিকা, বিধায়িনী আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ অভিহিত সংবাদ মাধ্যমক সংবেদনশীলতাৰে আৰু নিস্বাৰ্থ-নির্ভীকভাৱে কাম কৰি যাবলৈ আহ্বান জনায় আৰু সংবাদ মাধ্যমক তেতিয়াহে মানুহে সঁচা অৰ্থত আৰু ইতিবাচক দিশত ভয় বা সমীহ কৰিবলৈ শিকিব বুলি উল্লেখ কৰে।
আন গৰাকী সন্মানীয় সমল ব্যক্তি ড°কৃষ্ণ চন্দ্ৰ গৌড়এ তেখেতৰ বক্তব্যত আজিৰ আলোচনা চক্ৰৰ বিষয়বস্তু সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে -বৰ্তমানৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়বস্তুৱে ভয়-শংকাৰ এক ইংগিত বহন কৰা যেনেই অনুধাৱন হয়। সংবাদ মাধ্যম হৈছে সমাজৰ অতন্দ্ৰ প্ৰহৰী, ৰাইজৰ বন্ধু। সংবাদ মাধ্যমক ভয় কৰিব লগা হোৱাটোৱে এক নেতিবাচক দিশকে সূচায়। তেখেতে লগতে বৰ্তমান কাকতসমূহত বাতৰিৰ তুলনাত বিজ্ঞাপনৰ পৰিমাণ বেছি দেখিবলৈ পোৱাটোও এক চিন্তনীয় বিষয় বুলি মন্তব্য কৰে আৰু লগতে উচ্চ মানদণ্ডৰ তথ্য সমৃদ্ধ ও সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদসেৱা যেতিয়া পূৰ্ণদমে প্ৰতিযোগিতামূলক হৈ পৰে তেতিয়াই আচলতে সংবাসেৱা নামৰ এই পৱিত্ৰ বৃত্তিটোৰ বা ব্যৱস্থাটোৰ মৃত্যু হোৱা বুলি ক'ব পাৰি। সত্য ক'বলৈ এৰি প্ৰতিযোগিতাত নামি পৰা মানেই সাংবাদিকতাৰ অপমৃত্যু।
আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, শিক্ষক, লেখক তথা একেধাৰে নাট্যকাৰ আৰু সংবাদ সেৱাৰ সৈতে জড়িত ব্যক্তি ধ্ৰুৱজ্যোতি শৰ্মাই আজিৰ আলোচনা চক্ৰৰ বিষয় বস্তুৰ ওপৰত তেখেতৰ বিশ্লেষণ আগবঢ়াই কয় যে-গণতন্ত্ৰৰো উৰ্ধত জনগণ আৰু জনগণই হৈছে সেই একমাত্ৰ পক্ষ যি পক্ষই সংবাদমাধ্যমক ভয় নকৰে। তেখেতেও পূৰ্বৰ বক্তাৰ সৈতে একমত পোষণ কৰি কয় যে সংবাদ মাধ্যমক ৰাইজে ভয় নহয় বৰঞ্চ সন্মান কৰিব পাৰিব লাগে আৰু সন্মান কৰিবলগীয়া পৰিৱেশ সৃষ্টি কৰাটোও সংবাদ কৰ্মীসকলৰে দায়িত্ব। এজন সংবাদকৰ্মীয়ে ৰাইজৰ সৈতে থিয় দিব জানিব লাগিব, জনমত সুৰ বুজিব পাৰিব লাগিব আৰু সময়ে সময়ে গঠনমূলক সমালোচনাৰে তথ্য ভিত্তিক সঁচা বা- বাতৰি প্ৰচাৰ কৰি চৰকাৰ/প্ৰশাসনক বাট দেখুৱাই নিব জানিব লাগিব। এজন সংবাদকৰ্মীয়ে পৰিবেশন কৰা বা-বাতৰিৰ গ্ৰহনযোগ্যতা বঢ়াবলৈ হ'লে এজন সাংবাদিক অধ্যয়নশীল হোৱাৰো প্ৰয়োজন আছে। নিজৰ চৌপাশৰ লগতে বিভিন্ন ক্ষেত্ৰত কি ঘটি আছে সেই খৱৰ এজন সংবাদকৰ্মীয়ে ৰাখিব লাগে। সাংবাদিকতাৰ নীতি আদৰ্শক সন্মান জনাই চলি সংবাদ সেৱা আগবঢ়াই যাব পৰাটোহে প্ৰকৃত সাংবাদিকতা বুলি শৰ্মাই মন্তব্য কৰে।
আলোচনা চক্ৰ খনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সাংবাদিক বন্ধুসকলে সক্ৰিয়ভাৱে অংশ গ্ৰহণ তথা মত বিনিময়েৰে আলোচনা চক্ৰখনি সঁচা অৰ্থত সফল কৰি তোলে।
জিলা উপায়ুক্ত তথা আজিৰ উদযাপন অনুষ্ঠানৰ সভাপতি গীতিমণি ফুকনে তেখেতৰ সভাপতিৰ মন্তব্যত সাংবাদিক বন্ধুসকলক বা-বাতৰিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন চৰকাৰী তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে আৰু সকলোকে বৰ্তমানৰ দৰেই ভৱিষ্যতেও নিস্বাৰ্থ, দায়বদ্ধ, আপোচবিহীন আৰু সংবেদনশীল বা-বাতৰি পৰিৱেশন অব্যাহত ৰাখিবলৈ তথা সময়ে সময়ে গঠনমূলক সমালোচনাৰে প্ৰশাসনক কাম-কাজত সহায় কৰি যাবলৈও আহ্বান জনায়।
উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ উদ্যোগ লোৱা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ মুৰব্বী বিষয়া চুম্পী চুতীয়াই আৰাম্ভণিতেই বিতংভাৱে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে।
আজিৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথিবৃন্দ আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক বন্ধুসকলৰ উপৰিও জিলা উন্নয়ন আয়ুক্ত নৰ নাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, মহকুমাধিপতি (সদৰ) সঞ্জীৱ ফুকন তথা তথ্য আৰু জনসংযোগ বিভাগৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে।
- Log in to post comments
- 11 views