কলিয়াবৰত ‘কলিয়াবৰ প্ৰেছ ক্লাবৰ’ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

A

নিউজ ডেস্ক:
কলিয়াবৰত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস  ।ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত উপস্থিত থাকে অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্ত।

 ‘গণ মাধ্যমক সমীহ নকৰে কোনে’ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বৰ্ষৰ মূল বিষয় হিচাবে লৈ কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত উলহ-মালহেৰে উদ্‌যাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।
জ্ঞাত-অজ্ঞাত প্ৰয়াত সংবাদসেৱীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্য তথা সংবাদসেৱী ৰূপজ্যোতি গোস্বামীয়ে ৰচনা কৰা গীতক সমবেত সংগীত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক অভিনন্দন জনোৱাৰ লগতে  ইফালে কলিয়াবৰ প্ৰেছ ক্লাৱে কলিয়াবৰৰ প্ৰাক্তন সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

সমল ব্যক্তি হিচাবে আমন্ত্ৰিত অতিথি তথা অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্তই প্ৰেছ দিৱসৰ মূল বিষয়  ‘গণ মাধ্যমক সমীহ নকৰে কোনে’ বিশ্লেষণ কৰাৰ লগতে সংবাদ মাধ্যমৰ বহু আঁৰৰ কথাৰে ভাষণ প্ৰদান কৰে।

দিনজোৰা কাৰ্যসূচীৰে এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি কলিয়াবৰ প্ৰেছ ক্লাৱে সুন্দৰকৈ উদ্‌যাপন কৰে।

উল্লেখযোগ্য যে¸১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে।তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে।

 

Your Comments

Related Articles