অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চিপিআইএমৰ গুৱাহাটীত বিক্ষোভ প্ৰদৰ্শন

A

নিউজ ডেস্ক:


মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গুৱাহাটীত প্ৰতিবাদ।অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি মহানগৰীত বিক্ষোভ প্ৰদৰ্শন কৰে চিপিআইএমে।পানবজাৰস্থিত বি এছ এন এল ভৱনৰ সন্মুখৰ পৰা ৰেলিৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীয়ে।

হাতে হাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ প্লে- কাৰ্ড লৈ ৰূপায়ন কৰে বিক্ষোভ।প্ৰতিবাদত অংশগ্ৰহণ কৰে বহু সংখ্যক মহিলাই।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস , চাউল, আটা, মিঠাতেল, চাবোন, দালিসহ ১৪বিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰা, পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক মাহে ৭৫০০টকাকৈ প্ৰদান কৰা, কৃষকৰ উৎপাদিত ফচল নায্য দামত চৰকাৰী উদ্যোগত ক্ৰয় কৰা আদি দাবীৰে ৰূপায়ন কৰে বিক্ষোভ।কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ দাবীৰ সম্বলিত স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Your Comments

Related Articles