মহানগৰীত যান বাহন চালনাৰ নতুন অধিনিয়ম;দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট

A


নিউজ ডেস্ক:
১ ডিচেম্বৰৰ পৰা গুৱাহাটীত প্ৰযোজ্য হ’ব নতুন নিয়ম।কামৰূপ মহানগৰ পৰিবহণ বিভাগে দুচকীয়া বাহনৰ ক্ষেত্ৰত চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।
চালক-আৰোহী দুয়ো হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।
উল্লেখ্য যে ,গুৱাহাটী মহানগৰীত দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যেই মহানগৰ জিলা পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে।আনহাতে চাৰিচকীয়া বাহনৰ সন্মুখৰ ছিটৰ আৰোহীয়ে লগাব লাগিব ছিটবেল্ট।

Your Comments