বিউটি পাৰ্লাৰ, চেলুন, স্পাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা GMCৰ

A



নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ জাৰি কৰিলে এক জাননী। এই জাননী অনুসৰি ,এতিয়াৰ পৰা স্পা, পাৰ্লাৰ, unisex চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মাছাজ। কেৱল সমলিংগইহে দিব পাৰিব মাছাজ।পাৰ্লাৰ বা চেম্বাৰৰ ভিতৰত কোনো বিশেষ কোঠা থাকিব নোৱাৰিব লগতে মুখ্য দ্বাৰ স্বচ্ছ হোৱাটো বাধ্যতামূলক।স্পা বা ইউনিচেক্স চেলুনৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ত যোগ্য থেৰাপিষ্ট থকা উচিত।ইউনিচেক্স পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী যোগ্যতা সম্পন্ন বা প্ৰকৃত ডিগ্ৰীধাৰী হ’ব লাগিব।ষ্টীম বাথ লব পাৰিব যদিও সেই সময়ত কোনো কাৰণতে বিপৰীত লিংগই সহায় কৰিব নোৱাৰিব। উল্লেখ্য যে ,গুৱাহাটীৰ বহুতো পাৰ্লাৰ, চেলুন, স্পা আদিত অনৈতিক কাৰ্যকলাপ চলি থকা বুলি ৰাইজৰ অভিযোগ উথ্থাপনৰ পাছতে এই সিদ্ধান্ত লৈছে গুৱাহাটী পৌৰ নিগমে।

Your Comments