নিউজ ডেস্ক:
চৰকাৰে ক'ভিড ভেকচিন গ্ৰহণ নকৰা ব্যক্তিক চৰকাৰী আঁচনি,সা-সুবিধাকে ধৰি সুলভমুল্যৰ সামগ্ৰীও কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰাৰ সময়তে সুলভ মুল্যৰ দোকানে দোকানে ৰাইজে ক'ভিড ভেকচিন লোৱা পৰিলক্ষিত হৈছে।এই উপলক্ষে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধুৰকুছিস্থিত বড়িগোগ বনভাগ বহুসুখী সমবায় সমিতিৰ সম্পাদক বসন্ত বেজবৰুৱাৰ তৎপৰতা আৰু ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুৰ্ণসহযোগত সমবায়খনৰ অন্তৰ্গত ৩৪ খন সুলভমুল্যৰ দোকানৰ কেবাখনতো গ্ৰাহক সকলক ক'ভিড ভেকচিন দিয়া দেখা যায়। বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ সম্পাদক বসন্ত বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে নলবাৰী জিলা উপায়ুক্তৰ নিৰ্দেশত সমবায়খনৰ অন্তৰ্গত সুলভমুল্যৰ দোকানৰ এলেকাত সুলভ মুল্যৰ গ্ৰাহকসকলে ক'ভিড ভেকচিন লোৱাটো বাধ্যতামূলক।সেয়েহে বিগত দিন কেইটাৰ দৰে আজিও সমাবায়খনৰ এলেকাধীন সুলভমুল্যৰ দোকানী ক্ৰমে নাৰপাৰৰ বিদ্যা কলিতা,গুৱাকুছিৰ- ফিৰোজ আলী, ধুৰকুছি গুণজিৎ বেজবৰুৱাৰ, বাহাৰঘাটৰ শৰৎ লহকৰ আদিত সুলভমূল্যৰ গ্ৰাহকসকলক ভেকচিন প্ৰদান কৰি এই অভিযানৰ সামৰণি কৰে। উল্লেখ্য যে এনেদৰে সুলভমুল্যৰ গ্ৰাহকসকলে দোকানলৈ সামগ্ৰী নিবলৈ আহি ক'ভিড ভেকচিন লব পৰা কাৰ্যক চৰকাৰক ধন্যবাদ জনাইছে।
- Log in to post comments
- 17 views