নিউজ ডেস্ক:
লংকাৰ ভালুকমাৰীত হোজাই জিলা প্ৰেকেজিং ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰী এচচিয়েছনৰ সংবাদমেল । সংবাদমেলৰ জৰিয়তে এচচিয়েছনৰ কৰ্মকৰতাই জনাই যে, বৰ্তমান হোজাই জিলাখনত অবৈধ ভাবে বহুবে নীতি-নীৰ্দেশনা নোহোৱাকৈ চলাই আছে ক্ষুদ্র পানী পেকেজিং কোম্পানী, যি পানী সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপযোগী নহয়। সেয়েহে হোজাইৰ উপায়ুক্তৰ এক নিৰ্দেশ মৰ্মে, বৰ্তমান জিলাখনত ১৭ টা পানী পেকেজিং কৰা উদ্যোগ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু তাৰ বিপৰীতে জিলাখনত মাত্ৰ ৭ টা স্বীকৃতিপ্ৰাপ্ত পানী পেকেজিং কৰা উদ্যোগকহে জিলাখনত পূৰ্বৰ দৰে পানী পেকেজিং কৰিবলৈ দি থকা হৈছে । লগতে এচচিয়েছনে জনাই যে, বৰ্তমান জিলাখনত নীতি বহিৰ্ভূত ভাবে অবৈধ ভাবে স্হাপন কৰা পানী পেকেজিং উদ্যোগৰ পানীৰ বটল বজাৰত সুলভ হৈ পৰিছে, সেয়েহে সাধাৰণ ৰাইজে পানী ব্যৱহাৰ কৰাৰ পূৰ্বে ভালদৰে নিৰীক্ষণ কৰিহে পানী ব্যৱহাৰ কৰে যেন ।
- Log in to post comments
- 41 views