নিউজ ডেস্ক:
মানৱীয়তাৰ খাতিৰত উচ্ছেদ বন্ধ কৰাৰ লগতে মুঠ ১৭টাকৈ দাবীত বুধবাৰে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ- পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে।মহানগৰীৰ চছলৰ প্ৰতিবাদস্থলীত ৩ঘণ্টা অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে।
নদী গৰাখহনীয়াত মাটি-বাৰী হেৰুৱাই চৰকাৰী চন পৰি থকা ভূমিত জুপুৰী ঘৰ সাজি পৰিয়াল পোহ-পাল দিয়া সকলক উচ্ছেদ নকৰিব মানৱীয়তা খাতিৰত আৰু উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায় চৰকাৰক।
ইয়াৰ উপৰিও উচ্ছেদৰ পূৰ্বে তাত বসবাস কৰি থকা লোকসকলক সংস্থাপন কৰি লোৱা আহ্বান কৰি সংগঠনটোৱে কয়- চৰকাৰী কাম কাজৰ বাবে চৰকাৰী ভূমি উচ্ছেদ কৰিলে কোনো আপত্তি নাই কিন্তু তাত বসবাস কৰা ভূমিহীনসকলক উচ্ছেদৰ পূৰ্বে সংস্থাপন কৰি লব লাগে।সংখ্যালঘু মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰা বুলি ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদৰ জৰিয়তে কয়।
ইয়াৰ উপৰিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, এনআৰচি আধাৰত ৰাষ্ট্ৰীয় প্ৰমাণ পত্ৰ প্ৰদান কৰা, ত্ৰিপুৰা সংখ্যালঘু মুছলমানৰ জীৱন-সম্পত্তিৰ ৰক্ষা কৰা, বিটিআৰত সংখ্যালঘু উন্নয়ন বৰ্ড গঠন, ডি ভোটাৰ সমস্যা সমাধান, ৱাকাফ বৰ্ডৰ কাৰ্যালয় নিৰ্মান, চৰাঞ্চলৰ মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা আদি বহুকেইটা দাবীৰে সাব্যস্ত কৰে এই ধৰ্মঘট।
উল্লেখ্য যে প্ৰতিবাদত সংগঠনটোৰ প্ৰায় শতাধিক কর্মীয়ে অংশগ্ৰহণ কৰে।
নেমছুৰ সভাপতি বদৰুল ইছলাম, সাধাৰণ সম্পাদক জিয়াউল হক, মুখ্য সাংগঠনিক সম্পাদক চাইদুল ইছলাম ধৰ্মঘটস্থলীত উপস্থিত থাকে।
ইফালে প্ৰতিবাদস্থলী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 13 views