নিউজ ডেস্ক:
ক্ৰিকেট প্ৰেমীলৈ সুখবৰ। চলিত টি-২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ চূড়ান্ত হতাশজনক প্ৰদৰ্শনৰ পাছতে ক্ৰিকেটৰ পথাৰলৈ পুনৰ প্ৰত্যাবৰ্তন কৰিবলৈ সাজু হৈছে যুৱৰাজ সিঙে । টুইটাৰযোগে এই কথা সদৰী কৰি তাৰকাগৰাকীয়ে লিখিছে যে - "ভগৱানে আপোনাৰ গন্তব্যস্থান নিৰ্ণয় কৰে! ৰাইজৰ দাবীত মই পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিম, আশাকৰো ফেব্ৰুৱাৰিত মই ক্ৰিকেটৰ পথাৰত নামিম । সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ।"
- Log in to post comments
- 14 views