নিউজ ডেস্ক:
অসমবাসীৰ বাবে ভাল খবৰ।অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইলৈ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান।মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটাৰ বাবে নির্বাচিত গোলাঘাটৰ জীয়ৰী লাভলীনা।১৩নৱেম্বৰত দিল্লীত প্ৰদান কৰিব এই বঁটা।উল্লেখ্য যে প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী অসমীয়া লাভলীনা।টকিঅ' অলিম্পিক মহিলা ৬৯ কেজি শাখা বক্সিঙত ব্ৰঞ্জ পদক জয় কৰিছিল।আনহাতে লাভলীনাৰ উপৰিও নিৰজ চোপ্ৰা, মিথালী ৰাজ, ৰবি কুমাৰ, সুনীল চেট্টিসহ মুঠ ১২গৰাকী খেলুৱৈক এই বঁটা প্ৰদান কৰিব।
- Log in to post comments
- 9 views