নিউজ ডেস্ক:
আচলতে কি হৈ আছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত। যিমানেই দিন গৈ আছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অপৰাধৰ তালিকাও দীঘল হৈ গৈ আছে। অসম আৰক্ষী চকুত ধুলি দি পুনৰ আকৌ এবাৰ এজন অকলশৰীয়া যাত্ৰীক নিচা জাতীয় খাদ্য খোৱাই লুটপাট চলাই লুটি নিলে কেইবা হাজাৰ টকাৰ লগতে দামী স্মাৰ্ট ফোন। ৰিহাবাৰী Distributor Agency ত কৰ্মৰত বাকসা জিলাৰ টোকন কাটা গাওঁৰ অৰবিন্দ কলিতা নামৰ ৪৫ বছৰীয়া ব্যক্তি জনে পৰহি গুৱাহাটীৰ পৰা তেওঁৰ নিজ গৃহলৈ আহিবলৈ লয় এখন ব্যক্তিগত বাহনত। গধুলি প্ৰায় ৫ মান বজাত তেওঁ পৰিয়ালৰ লোকক ফোন যোগে জনায় যে তেওঁ ঘৰলৈ আহি থকা বুলি। তাৰ পিছৰ পৰা তেওঁৰ ফোন অফ হৈ আছিল। নিশা যিমানেই গভীৰ হৈ আহিছিল পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'বলৈ ধৰিলে। অৱশেষত পৰিয়ালৰ লোকে বৰমা আৰক্ষী থানাত কথাটো অৱগত কৰায়। ৰবিবাৰে পুৱাৰ ভাগতো পৰিয়ালৰ লোকে সকলো ফালে খবৰ লয় যদিও অৰবিন্দ কলিতাৰ কোনো সম্ভেদ পোৱা নাছিল। ঠিক দুপৰীয়া সময়ত অৰবিন্দই এখন ৰিক্সাত উঠি হঠাৎ ঘৰলৈ আহে। তেওঁক দেখি পৰিয়ালৰ লোকে আচৰিত হৈ পৰিছিল কিয়নো তেওঁ তেওঁৰ নিজৰ দেহৰে নিয়ন্ত্রণ ৰাখিব পৰা অৱস্থাত নাই। কোনোমতে ৰিক্সাত উঠি ঘৰলৈ আহিছে। তাৰ পিছত পৰিয়ালৰ লোকে সোধাত তেওঁ জনায় যে, তেওঁ গুৱাহাটীৰ পৰা এখন ব্যক্তিগত চাৰিচকীয় বাহনত উঠি নলবাৰী অভিমুখে আহি আছিল। সিদিনাখনে নিশা নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী এলেকা নাৰিকুছি ( বিলপাৰত) তেওঁক গাড়ীৰ ভিতৰত থকা দুই তিনিজন ব্যক্তিয়ে তেওঁক কিবা নিচা জাতীয় খাদ্য বস্ত খাবলৈ দিয়ে। আৰু তাৰ পিছত তেওঁৰ সৈতে কি হৈছে তেওঁ একোকে ক'ব নোৱাৰে। ৰাতিপুৱা তেওঁ সাৰ পাই দেখে যে তেওঁ বিলপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা জংগলৰ মাজত ওৰে নিশা পৰি আছিল। তেওঁৰ লগত থকা কেইবা হাজাৰ টকাৰ লগতে তেওঁৰ স্মার্ট ফোন টোও নাই। পূৰ্বেও নলবাৰী আৰু ৰঙিয়া সীমামুৰীয়া ৩১ নং ঘাইপথৰ নোনা নৈৰ এপাৰ-সিপাৰে এনে ঘটনা বহুবাৰ সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ দুয়ো কাষত ঘন জংঘল হোৱা হেতুকে এচাম দুষ্ট চক্রই এনে জঘন্য কান্ড সংঘটিত কৰি আহিছে বুলি চৰ্চিত হৈছে।
অকলশৰীয়া যাত্রীক তেওঁলোকে টাৰ্গেট কৰি এই অঞ্চললৈ লৈ আহি নিচা জাতীয় খাদ্য বস্ত খুৱাই লুটপাটৰ দৰে ঘৃননীয় কান্ড সংঘটিত কৰি আহিছে। সম্প্ৰতি অৰবিন্দ কলিতা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। ইফালে সচেতন ৰাইজ তথা বিভিন্ন দল -সংগঠনে ৰঙিয়া আৰু নলবাৰী আৰক্ষীক দিন-নিশাই তহলদাৰ আৰক্ষীয়ে উক্তস্থানত বিশেষ পহৰা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
- Log in to post comments
- 25 views