হাজোত " নিজম ৰাতিৰ কেতেকী" -- শীৰ্ষক কাব্য পুথি উন্মোচন

A

নিউজ ডেস্ক:
 সৃষ্টিৰ আৰত লেখক অথবা ৰচকৰ বহুত কষ্ট লুকাই থাকে, সেয়ে লেখক সকলৰ দ্বাৰা ৰচিত পুথি অথবা লিখনী সমুহ পঢ়াটো সমাজৰ বাবে এটি কৰ্তব্য আৰু দায়িত্ব বুলি জ্ঞান কৰা উচিত। কবিতাৰ ৰসাল শব্দ ভাণ্ডাৰ হৈছে মানৱীয় প্ৰমূল্যবোধৰ এক সুন্দৰ সাহিত্যৰ ভড়াল। সাহিত্যই এজন মানুহক বিপদৰ সময়তো যৎকিঞ্চিত সুখ দিব পাৰে, সেয়ে সাহিত্য চৰ্চা কৰাটো অতীব প্ৰয়োজনীয় । তীৰ্থনগৰী হাজোৰ লৌহমানৱ বিষ্ণুৰাম মেধি শিশু কল্যাণ ভৱনত অনুস্থিত এক কাব্যপুথি উন্মোচনী সভাত এইদৰে বক্তব্য আগবঢ়াই এমন্টনৰ উপ প্ৰৱন্ধক দিণমনি ভাণ্ডাৰ কায়স্থই। বিশিষ্ট প্ৰৱন্ধকাৰ তথা অধ্যাপক ডঃ পৰশমণি দাস, কাব্য সাধনা বটা প্ৰাপক কবি কুশল হালৈ, সাংবাদিক আব্দুল গণি খান চৌধুৰী, হাজো আছুৰ সভাপতি নৱজ্যোতি দাসৰ অংশ গ্ৰহণত অৱসৰী উপায়ুক্ত তথা লেখক থানেশ্বৰ মালাকাৰে উন্মোচন কৰে হবিবুৰ ৰহমানৰ দ্বাৰা প্ৰকাশিত ৰানুৱাৰা বেগমৰ " নিজম ৰাতিৰ কেতেকী " -- শীৰ্ষক কাব্যপুথিখন। আজিজুৰ ৰহমানে আতধৰা সভাত কাব্যপুথি খন উন্মোচন কৰি অৱসৰী উপায়ুক্ত তথা লেখক থানেশ্বৰ মালাকাৰে কয়,এজন কবি হবলৈ তেওঁ সাধনা কৰাৰ লগতে তেওঁ শব্দৰ ভাণ্ডাৰ হ'ব লাগিব। এডাল সোণৰ হাড় তৈয়াৰ কৰোতে যিদৰে সোণাৰী গৰাকীয়ে প্ৰয়োজন অনুসৰি মণি অথবা বুটাৰ ইস্তেমাল কৰে, ঠিক সেইদৰে কবি গৰাকীও সোণাৰী গৰাকীৰ দৰে নিৰ্বাচিত শব্দৰে এটি কবিতা ৰসাল কৰিব পাৰিব লাগিব। এখন পুথি উন্মোচন হ'ল এটি পোহৰৰ দিন। পুথিখন উন্মোচন মানে এটি তৰাৰ সৃষ্টি কৰাৰ লেখিয়া। পুথি এখন সৃষ্টি কৰা মানে এটি নৱ জাতকৰ আগমন। উন্মোচনী সভাত অঞ্চলটোৰ প্ৰায় শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে।

Your Comments

Related Articles