মৰিগাঁও জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ

A

নিউজ ডেস্ক: 
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।এই উপলক্ষে জিলা উপায়ুক্তই জিলা উপায়ুক্ত সভাকক্ষত জিলাখনৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমক সম্বোধন কৰি কয় জাগীৰোড,মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিক সামৰি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত ওজৰ-আপত্তি থাকিলে পহিলা নৱেম্বৰ পৰা ৩০নৱেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব।বিআইঅ জৰিয়তে ওজৰ-আপত্তি কৰিব পাৰিব।ওজৰ আপত্তি সমূহ ২০ ডিচেম্বৰত নিষ্পত্তি কৰা হ'ব আৰু তাৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা ২০২২চনৰ ৫জানুৱাৰীত প্ৰকাশ পাব বুলি মন্তব্য কৰে। ইফালে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা আজি দিনটোলৈ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত ৩০৪৭ জন ভোটাৰ বৃদ্ধি হোৱা বুলি মন্তব্য কৰি জাগীৰোড বিধানসভা সমষ্টিত ২,৩৮,৩৯১ জনৰ পৰা ২,৩৯,৩৪৬ জন,মৰিগাঁও বিধানসভা সমষ্টিত ১,৯২,২১৯ জনৰ পৰা ১,৯৩,৬০২ জন আৰু লাহৰীঘাট বিধানসভা সমষ্টিত ১,৮৬,৫৩৭ জনৰ পৰা ১,৮৭,২৪৬ জন বৃদ্ধি হোৱা বুলি জনাই।উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱা পাছতো নতুন ভোটাৰ নামভৰ্তি বাবে আবেদন চলি থাকিব। অন্য ভোট কেন্দ্রত নাম থকা ভোটাৰ আৰু মৃত্যু হোৱা ভোটাৰৰ নাম কৰ্তন কৰা হ'ব। অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস,নিৰ্বাচন বিষয়া দ্বীপময় ঠাকুৰীয়া,বিজেপ,কংগ্ৰেছ,চি পি আই, অসম জাতীয় পৰিষদৰ লগতে সংবাদ মাধ্যমৰ ব্যক্তি সকলে অংশগ্ৰহণ কৰা সভাখনত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই জিলাখনত যাতে এখন প্ৰকৃত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিব পৰা যায় তাৰ বাবে সকলোকে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। আনহাতে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসে জিলাখনত এতিয়াও বহু লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা নাই আৰু দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ এতিয়াও বহু লোক বাকী আছে বুলি প্ৰকাশ কৰি প্ৰথম পালি ভেকচিন গ্ৰহণ নকৰা আৰু দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকা সকলক ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰুধ জনায়। এই  ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰি ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত কিবা সমস্যা থাকিলে ততাতৈয়াকৈ জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

 

Your Comments

Related Articles