নিউজ ডেস্ক
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কটকীয়া (আৰিকুছি)গাঁৱত আজি দুপৰীয়া পুখুৰীত পৰি এটি ডেৰবছৰীয়া শিশুৰ সলিল সমাধি ঘটে।শিশুটোৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে গাঁৱখনৰ সঞ্জীৱ কলিতাৰ দ্বিতীয় পুত্ৰ দিশান্ত কলিতাই আজি দুপৰীয়া ভাগত খেলি-ফুৰি থকা অৱস্থাতে ঘৰৰ সন্মুখত থকা পুখুৰীটোত হঠাৎ পৰি যায়।কিছু সময় পিছত পৰিয়াল লোকে শিশুটিক বিচৰা খোচাৰ কৰে যদিও পুখুৰীটোত ওপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে।লগে লগে শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসক মৃত বুলি ঘোষণা কৰে।
- Log in to post comments
- 19 views