নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ষ্টাৰ এলেভেন ক্লাৱ,বৰখলাৰ সৌজন্যত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা আমন্ত্ৰণ মূলক প্ৰাইজমাণি ফুটবল খেল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলত বৰভাগ আঞ্চলিক ক্ৰীড়া সন্থা আৰু এ জে ইলেভেন চামতাৰ মাজত অনুষ্ঠিত হয় ৷খেলত এ জে ইলেভেন চামতাই বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘক ট্ৰাইবেকাৰ পদ্ধতিত ৪--৩ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ সন্মান বুটলিবলৈ সক্ষম হয়৷খেলখন উদ্বোধন কৰে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাই৷অনুষ্ঠানত কংগ্ৰেছ নেতা প্ৰদ্যুৎ কুমাৰ ভূঞা,ষ্টাৰ এলেভেন ক্লাবৰ সভাপতি দ্বীজেন দাস,সাধাৰণ সম্পাদক মাধুৰ্য্য প্ৰতীম দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটাবিতৰণী অনুষ্ঠানত বিজয়ী আৰু বিজিত দলক বঁটাবিতৰণ কৰে৷বঁটাবিতৰণী অনুষ্ঠানত অংশ লৈ প্ৰাক্তন বিধায়ক কলিতাই কয় যে খেলত অনুশীলনৰ যথেষ্ট দৰকাৰ আছে৷কিন্তু আজিৰ খেলুৱৈৰ মাজত অনুশীলনৰ অভাৱ অনুভৱ কৰা যায়৷খেলত বৰভাগ আঞ্চলিক দলৰ পুৰোহিত বড়োক চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষক হিচাবে চামতাৰ আফজাল আলিক পুৰস্কৃত কৰে৷খেলখন পৰিচালনা কৰাত নিপন মেধিক সহায় কৰিছে কংকন শৰ্মা আৰু বিপুল বৈশ্যই।
- Log in to post comments
- 20 views