নিউজ ডেস্ক:
লামডিং বনাঞ্চলত কাৰেন্টৰ তাঁৰ। বনৰীয়া হাতীক বাধা দিয়াৰ ক্ষেত্ৰত অবৈধ ভাবে বনাঞ্চলৰ ভূমি বেদখল কৰি থকা লোক সকলে স্হাপন কৰিছে এই তাঁৰ ।
ৰাজ্য চৰকাৰে বন্যপ্রাণী সংৰক্ষণৰ বাবে লৈছে ন ন ব্যবস্থা। কিন্তু, তাৰ বিপৰীতে, লামডিং বনাঞ্চলত বন্যপ্ৰাণীক অহা-যোৱাত বাধা প্ৰদান কৰিবলৈ লামডিং বনাঞ্চলৰ ভূমিতেই অবৈধ ভাবে বসবাস কৰি থকা লোকসকলে লগাইছে তাঁৰ। বনাঞ্চলৰ ভূমি দখল কৰি থকা লোকসকলে নিজৰ ঘৰ বা নিজৰ শষ্য হাতীয়ে যাত নষ্ট কৰিব নোৱাৰে তাৰ বাবে খেতিৰ চৌদিশে লগাইছে তাঁৰ। আৰু উক্ত তাঁৰত নিশা হলে সংযোগ কৰা হয় সৌৰশক্তি চালিত বিদ্যুৎ।। হাতী আহিলে যাতে সেই বিদ্যুৎ চালিত তাঁৰত লাগি হাতীৰ গাত বিদ্যুৎ স্পৰ্শ হয় আৰু হাতী আহিব নোৱাৰি উভতি যায় দৰাচলতে নিৰিহ জীৱক মৃত্যু মূখলৈ ঠেলি দিয়াৰ এক ষড়যন্ত্ৰ কৰিছে উক্ত লামডিং বনাঞ্চলৰ ভূমিত অবৈধ ভাবে বসবাস কৰি থকা লোকসকলে। এতিয়া প্ৰশ্ন হয়, নাতিদূৰতে আছে লংকা আঞ্চলিক বনাঞ্চলৰ অন্তৰ্গত তিনিআলিত বন কাৰ্য্যলয়।বৰ্তমানলৈকে চকু পৰা নাই নে বন কৰ্মী সকলৰ এই কাৰ্য্যপন্হাত ।
- Log in to post comments
- 12 views