নিউজ ডেস্ক:
যি সময়ত ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগৰ বৰমুৰীয়াসকলৰ লগতে জিলা উপায়ুক্তসকলক পথ নিৰ্মানৰ ক্ষেত্ৰত যিকোনো বাধাপ্ৰাপ্ত হ'লে কোনো ধৰণৰ ক্ষমা নকৰিবলৈ নিৰ্দেশ দিছিল কিন্তু সেই সময়তে ---- নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণ গাঁওত এটা পৰিয়ালৰ দুগৰাকী শিক্ষক ভাতৃৰ আজৱকাণ্ডৰ বাবে দক্ষিণ গাঁৱত আজি দুবছৰে সম্পূৰ্ণ হোৱা নাই লোকনিৰ্মাণ বিভাগৰ এটি পথ। যাক লৈ আজি দক্ষিণগাঁৱৰ ৰাইজে পথছোৱা সম্পূৰ্ণ কৰাৰ দাবীত ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়।
ৰাইজৰ অভিয়োগ মতে-- অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত লোকনিৰ্মাণ বিভাগৰ SOPDG আচঁনিৰ অধীনত এক কৌটি ঊনৈশ লাখ টকা ব্যয় সাপেক্ষে দক্ষিণ গাঁৱৰ নৱ নিৰ্মিত নলবাৰী মেডিকেল কলেজৰ সন্মুখৰ ( দক্ষিণ গাঁৱৰ শিৱ মন্দিৰ) পৰা বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় সংযোগী পথটো নিৰ্মাণৰ কাম আজিৰে পৰা প্ৰায় দুবছৰ পুৰ্বে আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সেই অঞ্চলৰ লোকসকলৰ যাতায়তৰ ক্ষেত্ৰত সুবিধা হোৱাৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এক সুন্দৰ পদক্ষেপ আৰু যাতায়ত- যোগাযোগৰ বহুদিনীয়া অভাৱ পুৰণ কৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক প্ৰশংসা আৰু ধন্যবাদ জনাইছিল। কিন্তু দুখৰ আৰু পৰিতাপৰ বিষয় যে মুখ্যমন্ত্ৰী গৰাকীৰ ইচ্ছা আৰু ৰাইজৰ আশা পুৰণত বাধাৰ সৃষ্টি কৰিলে দক্ষিণ গাঁৱৰ এটা পৰিয়ালৰ দুগৰাকী শিক্ষক ভাতৃ ক্ৰমে হেমন্ত শৰ্মা আৰু শচীন শৰ্মাই। এই দুগৰাকী শিক্ষকৰ আজৱকাণ্ডৰ বাবে সম্প্ৰতি ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল বুলি অভিযোগ তুলিছে । স্হানীয় ৰাইজে অভিযোগ দিয়া মতে দক্ষিণ গাঁৱৰ নিৱাসী তথা শিক্ষকৰ দৰে পৱিত্ৰ ব্ৰতীত নিয়োজিত ঘগ্ৰাপাৰ হাইস্কুল সহ শিক্ষক হেমান্ত শৰ্মা আৰু নলবাৰী লিটিল ফ্ল'ৰ শিক্ষক শচীন শৰ্মাৰ ঘৰৰ পদুলিত মাত্ৰ ২/৩ ফুট মাটি এৰি নিদিয়াৰ বাবে আজি দুবছৰে পথটো সম্পূৰ্ণ কৰিব পৰা নাই লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে। সেয়েহে আজি ৰাইজে ৰাজপথলৈ ওলাই আহি এই দুগৰাকী শিক্ষকৰ মইমতালিৰ বিৰুদ্ধে মনৰ ক্ষোভ প্ৰকাশ কৰে। উক্ত প্ৰতিবাদস্থলীত ৰাইজে লোক নিৰ্মাণ বিভাগৰ বৰমুৰীয়া লগতে প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি ক্ষোভ উজাৰে।লগতে যুৱ সমাজকৰ্মী চন্দন শৰ্মা আৰু ৰিজু ভট্টই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে পথছোৱাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ নলবাৰী জিলা উপায়ুক্তক আহ্বান জনায়। ।
- Log in to post comments
- 14 views