তদন্ত সম্পূৰ্ন:আকাশ চৌধুৰীয়ে নিৰ্মমভাৱে হত্যা কৰিছিল বেলতলাৰ বৃদ্ধা দম্পত্তীক

A

নিউজ ডেস্ক:


গুৱাহাটীৰ বেলতলা চন্দননগৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰী চিনাক্ত।বৃদ্ধা দম্পত্তিদ্বয়ক হত্যা কৰিছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।আৰক্ষীৰ জেৰাত ধৃত আকাশে স্বীকাৰ কৰে এই কথা।

মহানগৰীৰ বশিষ্ঠ থানাত আৰক্ষীৰ -ক্ৰাইম ব্ৰান্সৰ মাৰাথান জেৰাত হত্যাকাণ্ড অকলেই সংঘটিত কৰা বুলি স্বীকাৰ কৰে আকাশে ।এই কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ মহানগৰ আৰক্ষীৰ।

উল্লেখ্য যে, ননীগোপাল বৰুৱা আৰু মিনা বৰুৱাই আকাশ চৌধুৰীক নিজৰ সন্তানৰ দৰে বিগত ২০ বছৰে ৰাখিছিল।গুৰুত্বপূৰ্ণ কথা এই যে আৰক্ষীৰ জেৰাত প্ৰথম অৱস্থাত হত্যাকাণ্ড তেওঁ সংঘটিত কৰা নাই বুলিয়েই স্বীকাৰ কৰি আহিছিল।

মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াই সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে- তদন্ত সম্পূৰ্ন।বৈজ্ঞানিক ভিত্তিত আগবাঢ়িছিল তদন্ত।আকাশৰ বিৰুদ্ধে পোৱা সকলো প্ৰমাণ লাভ কৰা হৈছে।ধৃত আকাশৰ পত্নী হত্যাকাণ্ডৰে জড়িত নহয় এই কথা নিশ্চিত কৰিলে আৰক্ষীয়ে।শিল জাতীয় কঠিন সামগ্ৰীৰে অকলে হত্যা কৰিছিল বৃদ্ধাদম্পত্তিদ্বয়ক- আৰক্ষীয়ে কয়।

আনহাতে, কি কাৰণত হত্যাকাণ্ডৰ সংঘটিত কৰিলে সেইয়া পোহৰলৈ আহিছে কিন্তু বিশেষ কাৰণত সেই কথা প্ৰকাশ নকৰিলে আৰক্ষীয়ে।
আনুষ্ঠানিকতা সম্পূৰ্ণ হলেই হত্যাৰ কাৰণ অৱগত কৰিব আৰক্ষীয়ে।

আনহাতে বিশেষ সূত্ৰৰ খবৰ মতে মাটি-বাৰী তথা পৰিয়াল কেন্দ্ৰীক সংঘাতৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিছিল আকাশে।অৱশ্যে আৰক্ষীৰ তথ্যত পোহৰলৈ আহিব সকলো তথ্য।

Your Comments

Related Articles