টাটা এআইজি মেডিকেয়াৰত স্বাস্থ্যবীমা কৰি বিপদত গুৱাহাটী সাংবাদিক হেমন্ত শৰ্মা

A

নিউজ ডেস্ক:


'প্ৰয়োজনত চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে বিশেষ চিন্তা নকৰাকৈ কষ্টৰে জীৱন-যাপন কৰিবলগাত পৰি হলেও বৰ্তমান সময়ত অধিক সংখ্যকে স্বাস্থ্যবীমা কৰিবলৈ চেষ্টা কৰে।ভৱিষ্যতে আকস্মিকভাৱে চিকিৎসা কৰিবলগীয়া হ’লে যাতে অৰ্থৰ অভাৱত বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যবীমা কৰে সচেতন লোকসকলে।কিন্তু এনে এক জৰুৰী বিষয়ক যেন কেৱল বেহা হিচাপেহে গণ্য কৰে বীমা প্ৰতিষ্ঠানসমূহে।বীমা পলিচি খোলা সময়ত প্ৰয়োজনীয় তথ্য গ্ৰাহকক নজনোৱাকৈ কেনেকৈ বীমা বিক্ৰী কৰিব পাৰি তাৰ প্ৰতিহে যেন লক্ষ্য ৰাখে বীমা কোম্পানীসমূহে”। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি বীমা কোম্পানীসমূহৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে গুৱাহাটীৰ সাংবাদিক হেমন্ত শৰ্মা। তেওঁ বিভিন্ন মাধ্যমত কয় যে জনসাধাৰণৰ স্বাস্থ্য প্ৰতি সজাগ-সচেতন হোৱাৰ কথা কৈ বৰ বৰ বিজ্ঞাপন দি থকা বিয়াগোম বীমা কোম্পানীসমূহে প্ৰকৃতাৰ্থত কেৱল নিজৰ মুনাফা লাভৰহে জাল পেলাইছে।তাৰ বিপৰীতে গ্ৰাহকক বিস্তৃত তথ্য দাঙি নধৰি কেৱল ইতিবাচক দিশসমূহ দেখুৱাই গ্ৰাহকক একপ্ৰকাৰৰ প্ৰতাৰণা কৰিছে। বীমা কোম্পানীসমূহে কৰা স্বাস্থ্য বীমাত প্ৰায় ৪০বিধ ৰোগৰ ভিতৰত ২৬বিধ বেমাৰতেই সাধাৰণতে নাপায় ক্ষতিপূৰণ। কিন্তু এই কথা গ্ৰাহকক বীমা ক্ৰয় কৰা মুহূৰ্তত জনোৱা নহয়। সংবাদমেলত সাংবাদিক গৰাকীয়ে তথ্য দাঙি ধৰি কয়, বিগত কিছুদিন পূৰ্বে বিশেষ ৰোগত আক্ৰান্ত হৈ সাংবাদিক গৰাকী ভৰ্তি হৈছিল মহানগৰীৰ এখন আগশাৰী হাস্পতালত।সাধাৰণতে বীমা কোম্পানীসমূহে ভাল ভাল হাস্পতালবোৰৰ লগত চুক্তি কৰে যে তেওঁলোকৰ বীমা ক্রয় কৰা ৰোগী খৰচ প্ৰত্যক্ষভাৱে হাস্পতালক আদায় দিব৷ৰোগী এজনে ধনৰ লেনদেনত জড়িত হ’বলগা নহয় বাবে এই সুবিধাক কোৱা হয় ‘কেছলেচ’ অৰ্থাৎ নগদ ধন নলগাকৈ হোৱা চিকিৎসা৷এই সুবিধা গ্ৰহণ কৰি হাস্পতালখনত তেওঁ ভৰ্তি হয় আৰু হাস্পতাল কৰ্তৃপক্ষয়ো সাংবাদিক গৰাকীয়ে ইতিপূৰ্বে ক্ৰয় কৰা “টাটা এআইজি মেডিকেয়াৰ” বীমা কোম্পানীৰ নামত চিকিৎসা আৰম্ভ কৰে।কিন্তু হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতাৰ আগত তেওঁক জনোৱা হয় যে তেওঁৰ স্বাস্থ্যবীমা নাকচ কৰা হৈছে।তাৰ কাৰণ জানিব বিচৰাত তেওঁৰ বীমা কোম্পানী ‘টাটা এআইজি’ৰ তৰফৰ পৰা এখন ৰোগৰ তালিকা দিয়া হয় য’ত তেওঁ সেই ৰোগৰ বাবে স্বাস্থ্যবীমা গ্ৰহণযোগ্য নহয়। কিংকৰ্তব্য বিমোৰ হৈ অৱশেষত সাংবাদিক গৰাকীয়ে বন্ধু-বৰ্গৰ সহযোগত হাস্পতালৰ বিল পৰিশোধ কৰি হাস্পতাল ত্যাগ কৰে। সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি ‘টাটা এআইজি’ বীমা কোম্পানীৰ এই নিয়মৰ বিষয়ে তেওঁক বীমা ক্ৰয় কৰাৰ সময়ত জনোৱা হোৱা নাছিল।তদুপৰি বীমাৰ এখন কাৰ্ডৰ বাদে তেওঁলৈ কোনোধৰণৰ নথি-পত্ৰ প্ৰেৰণ কৰা নাছিল। কেৱল এয়ে নহয় এনে বহু বীমা কোম্পানী আছে যি বীমা ক্ৰয় কৰাৰ পূৰ্বে গ্ৰাহকক এনেধৰণৰ তথ্য দাঙি নধৰে। আনহাতে, এই অভিজ্ঞতা কেৱল তেওঁৰ লগতে হোৱা নাই বুলি সাংবাদিক গৰাকীয়ে সদৰি কৰি কয়- হাস্পতাল কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি এনে বহু অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হৈছে আন বহুজন। সংবাদমেলৰ জৰিয়তে সাংবাদিক গৰাকীয়ে ‘টাটা এআইজি’ আদিৰ দৰে এনে প্ৰতাৰক বীমা কোম্পানীসমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে বীমা কোম্পানীৰ এনে নীতি ৰোগীক শেষ মুহূৰ্তত নকৈ আগতীয়াকৈ জনোৱাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অনতি পলমে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ দাবী জনায়।অন্যথা পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰে শৰ্মাই।

Your Comments

Related Articles