স্পেইনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বেলুন বিশ্বকাপ

A



নিউজ ডেস্ক:
স্পেইনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বেলুন বিশ্বকাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিলে পেৰুৰ ফ্ৰাঞ্চেস্কো ডে লা ক্ৰুজে ৷ ফাইনেলত জাৰ্মানীৰ জেন স্পাইছক 6-2 ৰ ব্যৱধানত পৰাজিত কৰে ডে লা ক্ৰুজে ৷
এই খেলৰ নিয়ম অনুসৰি -খেলুৱৈসকলে বেলুনটো মাৰি পঠিয়াব লাগে যাতে বেলুনটোৱে মাটিত স্পৰ্শ নকৰে ৷ যদি খেলুৱৈগৰাকীয়ে বেলুনটো মাৰিব নোৱাৰে আৰু ই মাটি স্পৰ্শ কৰে, তেন্তে বিৰোধী খেলুৱৈগৰাকীয়ে পইণ্ট লাভ কৰিব ৷
উল্লেখ্য যে ,প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছিল বাৰ্চিলোনাৰ ফুটবল খেলুৱৈ জেৰাৰ্ড পিক আৰু স্পেইনৰ ইণ্টাৰনেট তাৰকা ইবাই লানোছে ৷ তেৰাগোনাৰ এখন মনোৰঞ্জন পাৰ্কত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত ৩২ টা দলে অংশগ্ৰহণ কৰিছিল ৷

Your Comments