IPLৰ জুৱাৰীৰ বিৰুদ্ধে গুৱাহাটীত অভিযান, ২৬লাখ ৪০হাজাৰ টকা জব্দ ক্ৰাইম ব্ৰান্সৰ

A

 

 

B

নিউজ ডেস্ক:


ইণ্ডিয়া প্ৰিমীয়াৰ লীগ চমুকৈ IPLৰ জুৱাৰীৰ বিৰুদ্ধে গুৱাহাটীত ক্ৰাইম ব্ৰান্সৰ অভিযান।সোমবাৰে ফাঁচী বজাৰৰ যোগাৰছ নামৰ বিপনি  আৰু আঠগাঁৱৰ CR KUNJত অভিযান চলায়।কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুই জুৱাৰীক লগত লৈ  অভিযান চলায়।ক্ৰাইম ব্ৰান্সৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ হোৱা ৰাজেশ- দিপেশৰ স্বীকাৰোৰুক্তিৰ ভিত্তিত জুৱাৰ মাষ্টামাইণ্ড অশোক  জৈন মনোজ জৈনৰ বাসগৃহত অভিযান চলাই জব্দ কৰে ২৬লাখ ৪০হাজাৰ  টকাৰলগতে বহুকেইটা
মোবাইল ফোন, আপত্তিজনক নথি পত্ৰ।


ইফালে জুৱাৰ দুই মাষ্টাৰমাইণ্ড অশোক জৈন আৰু মনোজ জৈন বহিঃৰাজ্যত আত্মগোপন কৰি থকা তথ্য লাভ কৰিছে ক্ৰাইম ব্ৰান্সৰ দলে।শীঘ্ৰে দুয়োজন পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আশ্ৰয় গ্ৰহণকাৰী ৰাজ্যৰ আৰক্ষীৰ লগত যোগাযোগ চলি থকা বুলিও জানিব দিয়ে।

Your Comments