ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে টিংখাঙত ক্ৰীড়া দিৱস উদযাপন

A





নিউজ ডেস্ক:

 ‘The Assam Tribune’ বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা তথা ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱাৰ আজি ওপজা দিন ৷ অসমৰ  শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ‘আধুনিক অসমৰ স্থপতিবিদ’ হিচাপে সন্মানিত কৰা হয় ৷
ৰাধা গোবিন্দ বৰুৱাদেৱৰ ১২১সংখ্যক জন্মদিন উপলক্ষে টিংখাঙত ক্ৰীড়া দিৱস উদযাপন কৰা হয় ৷ উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং মণ্ডল সমিতিৰ উদ্যোগত উদযাপন কৰা ক্ৰীড়া দিৱসত উপলক্ষে এখনি প্ৰাইজমানি মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ৰাজগড় শ্বহীদ বেদীৰ পৰা টিংখাঙৰ গান্ধী ময়দানলৈ ১২ কিল’মিটাৰৰ মাৰাথন প্ৰতিযোগিতাখনিত অঞ্চলটোৰ দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাধা গোবিন্দ বৰুৱাদেৱ এটা দশকজুৰি ‘অসম ক্ৰিকেট সন্থা’ৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷

Your Comments