৫ সমষ্টিৰ উপ-নিৰ্বাচনত ৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা: ৮প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

A

নিউজ ডেস্ক:

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।মুঠ ৩৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও শেষ মুহূৰ্তত ৮ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে।গোসাইগাওঁ সমষ্টিৰ ৫ গৰাকী আৰু তামুলপুৰ সমষ্টিৰ ৩গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে নিজৰ মনোনয়ন।উল্লেখ্য যে মনোনয়ন প্ৰত্যাহাৰৰ শনিবাৰে অন্তিম দিন আছিল।

অহা ৩০ অক্টোবৰত ৫ সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন।সেই মৰ্মে ২৮নং গোসাইগাওঁ সমষ্টিত ৮গৰাকী, ৩৯নং তামুলপুৰ সমষ্টিত ৬গৰাকী, ৪১নং ভৱানীপুৰত ৮গৰাকী, ১০১নং মৰিয়নীত ৪গৰাকী, ১০৭নং থাওৰা সমষ্টিত ৫গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব।

উল্লেখ্য যে ২ নৱেম্বৰত ঘোষণা হ'ব ফলাফল।

Your Comments