মোডী শাসনত এজন বিজেপিৰ বিৰুদ্ধে চিবিআই, ইডি, আইটি দৰে সংস্থাত গোচৰ ৰুজু নহল- ৰিপুন বৰা

A

নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চিবিআই, ইডি, আইটিৰ  দৰে সংস্থাক ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পুতলা হিচাপে ব্যৱহাৰ কৰিছে।মোডীৰ ৭ বছৰীয়া শাসনত এগৰাকী বিজেপিৰ বিৰুদ্ধে সংস্থাসমূহত গোচৰ দেখা নগ’ল।বিপৰীতে কংগ্ৰেছকে আদি কৰি অন্য বিৰোধী নেতাক চিবিআই, ইডি, আইটিত গোচৰত সম্পত্তিৰ, ঘৰ বাজেয়াপ্ত কৰাকে ধৰি বিভিন্ন ধৰণৰ গোচৰ ৰুজু কৰি হাৰাশাস্তিৰ লগতে বিৰোধী কণ্ঠ ৰোধ কৰাৰ অপচেষ্টা চলাইছে- এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধী ৰাজনৈতিক নেতাক নিৰ্বাচনী প্ৰচাৰত বাধা দিয়াৰ বাবে বিভিন্ন গোচৰত জেৰাৰ-জাননী জাৰি কৰা বুলিও প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই কয়।আজি গুৱাহাটীৰ সংবাদমেলত চিবিআই, ইডি, আইটি আদিৰ সংস্থাৰ ৰোষত পৰা বিৰোধী নেতাৰ নাম তালিকা ৰাজহুৱা কৰে।

ইফালে আন্তৰাষ্ট্ৰীয় সীমান্ত অসমৰ সীমামুৰীয়া এলেকাত বিএছএফৰ কৰ্তৃত্ব পূৰ্ব ১৫কিলোমিটাৰৰ পৰা ৫০কিলোমিটাৰলৈ বৃদ্ধি কৰা ভাৰত চৰকাৰৰ সিদ্ধান্তক তীক্ষ্ণ সমালোচনা কৰে বৰাই।কেন্দ্ৰীয় চৰকাৰে একপক্ষ ভাৱে সিদ্ধান্তলৈ ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্রীয়ৰ ওপৰত আঘাত কৰাৰ লগতে ৰাজ্যৰ সাংবিধানিক স্বতন্ত্ৰতা কাঢ়ি লৈছে- বৰাই কয়।

Your Comments