ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰূপে নির্বাচিত

A

নিউজ ডেস্ক:

ভাৰতীয় ক্রিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক ঘোষণা।ভাৰতীয় প্ৰাক্তন কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়   হ'ব ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ।বিচিচিআইয়ে ঘোষণা কৰে  দ্ৰাবিড়ৰ নাম ৷
উল্লেখ্য যে চলিত  বৰ্ষৰ টি-২০বিশ্বকাপৰ পাছতে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাহুলে।

বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল শেষ হ'ব টি-২০বিশ্বকাপৰ পাছতে।২০২৩ৰ ক্ৰিকেট বিশ্বকাপ পৰ্যন্ত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বত থাকিব ৰাহুল।

আনহাতে, টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব।

উল্লেখ্য যে ১৭ অক্টোবৰ অৰ্থাৎ দেওবাৰৰ পৰা অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ।

Your Comments