নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ গোঁসাই ঘৰত অতীতৰ পৰা একাদিক্ৰমে উদ্ যাপন কৰি অহা শ্ৰীশ্ৰী লক্ষ্মী পূজাখন এইবেলিও বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সহযোগত দুদিনীয়াকৈ অহা ২০ আৰু ২১ অক্টোবৰত বৰ্ণিল কাৰ্য্যসূচীৰে পালনৰ ব্যাপক প্ৰস্তুতি চলিছে।
এই উপলক্ষে পূজাখন পৰিচালনা কৰাৰ বাবে সমাজকৰ্মী যতিন দাসক সভাপতি আৰু সম্পাদকদ্বয় ক্ৰমে গগন দত্ত চৌধুৰী আৰু জয়ন্ত চৌধুৰীক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে।
তদুপলক্ষে কাৰ্য্যসূচী অনুসৰি প্ৰথমদিনা অৰ্থাৎ ২০ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰৰ বন্তি প্ৰজ্বলনে কাৰ্য্যসূচীৰ পাতনি মেলিব দেউৰী দ্বীপেন ডেকাই।ইয়াৰ পিছতে --ধৰ্মীয় পতাকা উত্তোলন কৰিব গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ দত্ত চৌধুৰীয়ে।ৰাতিপুৱা ৭-৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰিব ১৮/৩ নং ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই।ৰাতিপুৱা ৮ বজাত স্মৃতি সৌধত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰিব --পূৱ-বনভাগ মৌজাৰ মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীয়ে। ৰাতিপুৱা ৮:৩০ বজাত বৃক্ষৰোপন কৰিব ক্ৰমে-- বিশিষ্ট ব্যৱসায়ী প্ৰাণশক্তি ডেকা,সাংবাদিক জগত তালুকদাৰ,দ্বীজেন ডেকা,বিলপাৰ গাঁৱৰ গাঁও সভাৰ সদস্য মনোৰঞ্জন ডেকা,অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেকৃষ্ণ ডেকাই।আবেলি মুল মন্দিৰৰ বন্তি প্ৰজ্বলন,মুখ্য দ্বাৰ উন্মোচন কৰিব-গীতাচাৰ্য্য দুৰ্গেশ্বৰ কলিতাই,প্ৰতিমা স্থাপন কৰিব ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই।সন্ধিয়া পূজা মণ্ডপৰ বন্তি প্ৰজ্বলন কৰিব ক্ৰমে -ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক মনহৰি কলিতা,সাংবাদিক ৰবীন্দ্ৰ নাথ কলিতা,সমাজকৰ্মী কনক কলিতা,ভূপেন দত্ত চৌধুৰী আদিয়ে।সন্ধিয়া ৫:৩০ স্থানীয় আয়তীৰ নাম পৰিৱেশন।সন্ধিয়া ৬-৩০ বজাত পূজা আৰম্ভ।নিশা ন বজাত মহাভোগ বিতৰণ।
দ্বিতীয় দিনা অৰ্থাৎ ২১ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰত বন্তি প্ৰজ্বলন,সমুহীয়া চাফাই অভিযান।সন্ধিয়া গাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।অনুষ্ঠানটিৰ আঁত ধৰিব বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সম্পাদক জয়ন্ত ডেকাই।সন্ধিয়া ৫ বজাত মহিলা দলৰ নাম পৰিৱেশনেৰে অনুষ্ঠান সামৰণি পৰিব।
- Log in to post comments
- 63 views