হিমাচল প্ৰদেশত ২৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসমৰ কেন’য়িং আৰু কায়াকিঙ দলক অভিনন্দন মৰিগাওঁ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ

A


নিউজ ডেস্ক:
 হিমাচল প্ৰদেশত অহা ২৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব লগা ৩১ সংখ্যক ৰাষ্ট্ৰীয় জলক্ৰীড়া কেনয়িং আৰু কায়াকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা ১৩  জনীয়া অসমৰ পুৰুষ আৰু মহিলা দলটোক আজি ফ্লেগঅফেৰে অভিনন্দন জ্ঞাপন  কৰে মৰিগাঁ‌ও জিলা  উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ৷ পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত অসমৰ কায়াকিং আৰু কেন’য়িং সন্থাৰ সম্পাদক উপেন চক্ৰৱৰ্তী, গোবৰ্ধন ন্যাসৰ পৰিচালক অশোক কুমাৰ জুৰীয়া উপস্থিত থাকি খেলুৱৈ সকলক একোটিকৈ কিট আৰু আৰ্থিক সাহায্য আগবঢ়ায় ৷ উল্লেখ্য যে  জলক্ৰীড়াৰ এই দুই ইভেণ্টত ৰাজ্যলৈ কেইবাবাৰো সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলে এইবাৰো ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে  প্ৰশিক্ষক অনন্ত নাৰায়ণ বৰঠাকুৰে ৷
ইফালে অসমৰ দলটোক জাৰ্চি আৰু বুট জোতা প্ৰদানেৰে অভিনন্দন জ্ঞাপন কৰি জিলা উপায়ুক্ত গৰাকীয়ে কেনয়িং আৰু কায়াকিঙ প্ৰতিযোগিতাত উন্নত খেল প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে মৰিগাঁও নগৰৰ সমীপৱৰ্তী জলক্ৰীড়া ক্ষেত্র চাৰণ বিলত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে অসমক প্ৰতিনিধিত্ব কৰিব লগা অসমৰ কেন’য়িং আৰু কায়াকিঙ ৰ দলটোৱে।

Your Comments