নিশা এপৰলৈকে পূজা মণ্ডপে মণ্ডপে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাসহ পত্নী

A

 

B

 নিউজ ডেস্ক:

নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাসহ তেওঁৰ পত্নী জুলি ডেকাই কালি নিশা এপৰলৈকে সমষ্টিটোৰ  অন্তৰ্গত বিভিন্ন পূজা মণ্ডপে মণ্ডপে ঘূৰি মা দুৰ্গাৰ আশীৰ্বাদ বিচৰা পৰিলক্ষিত হয়।কালি নিশা ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰত অনুষ্ঠিত ৬৪ সংখ্যক দুৰ্গা পূজাত বিধায়কসহ তেওঁৰ পত্নীয়ে অংশগ্ৰহণ কৰি  সকলোৰে মংগল কামনাৰে দুৰ্গতিনাশিনী মা দুৰ্গাৰ আশীষ বিচাৰে।লগতে বিধায়কগৰাকীয়ে মা দুৰ্গাৰ আশীৰ্বাদত দেশ তথা ৰাজ‍্যত সকলো অপায় অমংগল দূৰ হৈ সকলোৰে জীৱন সুখ শান্তিৰে ভৰি পৰাৰ আশা কৰে।
কালি মহাঅষ্টমীৰ এই পবিত্ৰ ক্ষণত বিধায়ক বৰুৱাই সপত্নীক লগত লৈ নলবাৰী অঞ্চলৰ কেইবাখনো পূজাস্থলীত পৰিভ্ৰমণ কৰে ।তেওঁক সংগ দিয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বড়িগোগ বনভাগ মণ্ডল অ'বি চি মৰ্চাৰ উপ সভাপতি দ্বীজেন দাস, বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা আদিয়ে ।

Your Comments

Related Articles