নিউজ ডেস্ক:
অংকুমণিৰ মৃতহদেহ উদ্ধাৰ কৰিলে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লীণ্টু বৰা আৰু ঘগ্ৰাপাৰ থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।এগৰাকী মহিলাক পৰিকল্পিতভাবে হত্যা কৰি পাগলদিয়া নৈৰ বালিচৰত পুতি থোৱা তিনি হত্যাকাৰী ঘগ্ৰাপাৰ আৰক্ষীৰ জালত পৰা ঘটনাই সমগ্ৰ নলবাৰী জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হত্যাকাৰী কেইগৰাকী হ'ল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ অচ্যুত দাসৰ পুত্ৰ জগদীশ দাস, কহাৰতোলাৰ মনেশ্বৰ দাসৰ পুত্ৰ চন্দন দাস আৰু কেহেৰুৱাৰ উমেশ কলিতাৰ পুত্ৰ চনজিত কলিতা। ৰঙিয়া থানাৰ অন্তৰ্গত উদীয়মান বাদ্য শিল্পী কৈলাশ কলিতাৰ পত্নী অংকুমনি কলিতাই বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা 29 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ৰঙিয়া আৰক্ষীয়ে PS_caseNo_1098/21U/S498(A) /342/370 আই পি চি আৰু বাইহাটা আৰক্ষীয়ে PS caseNo 509/21U/S 366 আই পি চি ৰ অধীনত পৃথকে পৃথকে
গোচৰ ৰুজু কৰিছিল যদিও মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল। এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তৎপৰতাত ৰবিবাৰে নিশা মূল হত্যাকাৰী ঘগ্ৰাপাৰৰ জগদীশ দাস তেওঁৰ বন্ধু চন্দন দাস আৰু চন্দন দাসৰ খুলশালি চনজিত কলিতাক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকে স্বীকাৰ কৰা মতে ২৯ ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি অংকুমনিক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহটো কেহেৰুৱাৰ পাগলাদিয়া নদীৰ বালিচৰত পুতি থয় ।
বৰ্তমান তিনিওজন হত্যাকাৰীক নলবাৰী থানাত ৰখা হৈছে।ঘগ্ৰাপাৰ আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত মৃতদেহটো পাগলদিয়াৰ দাতি কাষৰীয়াৰ পৰা উদ্ধাৰ কৰি মৰুনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী ছহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে দুজন হত্যাকাৰীয়ে আৰক্ষী ৰ জেৰাত পৰিকল্পিত ভাবে হত্যা কৰি পুতিথোৱা ঠাই দেখুৱাই মৃতদেহ উদ্ধাৰ কৰাত সহায় কৰে।ইয়াকে লৈ কেহেৰুৱা অঞ্চলৰ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে স্বাস্থ্যবিভাগৰ কৰ্মচাৰী সুন্দৰী অংকুমনিৰ এগৰাকী কন্যা সন্তান আছিল।
ইয়াৰ পিছত আৰক্ষী ৰ অনুসন্ধানত হে সকলো তথ্য পোহৰলৈ আহিব।মৃতকৰ আত্মীয়ই হত্যাকাৰীৰ উচিত শাস্তি প্ৰদানৰ দাবী জনায় ।
- Log in to post comments
- 142 views