ৰিয়ান পৰাগক কিয় বাৰে বাৰে সুযোগ দিয়া হৈছে মই বুজি পোৱা নাই- ডেল ষ্টেইন

A

নিউজ ডেস্ক:

আৰবত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ক্ৰমান্বয়ে দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰিয়ান পৰাগক চোকা সমালোচনা ডেল ষ্টেইনৰ।আফ্ৰিকাৰ বেগী বলাৰ গৰাকীয়ে সমালোচনা কৰি কয়- দললৈ একো কৰিব পৰা নাই তাৰ পাছতো ৰিয়ানক কিয় বাৰে বাৰে সুযোগ দিয়া হৈছে বুজা নাই।ফেন্সি উদযাপনৰ বাহিৰে মনত ৰাখিব লগা কোনোধৰণৰ প্ৰদৰ্শন কৰা নাই পৰাগে।

ষ্টেইনে কয়- ভাৰতীয় দলৰ খেলুৱৈ শিৱম ডুবেক সুযোগ নিদিয়াকৈ প্ৰতিখন খেলত ৰিয়ান পৰাগক সুযোগ দিয়া দলৰ সিদ্ধান্তত প্ৰশ্ন কৰে জ্যেষ্ঠ খেলুৱৈ গৰাকীয়ে।

উল্লেখ্য যে চলিত আইপিএলত বেটে- বলে সকলোতে চুড়ান্তভাৱে ব্যৰ্থ হৈছে ৰিয়ান।

Your Comments