অখিল ভাৰত হিন্দু মহাসভাৰ অসম প্ৰদেশৰ জীৱনজোৰা সাধনা বঁটা-২০২১ ঘোষণা

A

নিউজ ডেস্ক:

অখিল ভাৰত হিন্দু মহাসভা অসম প্ৰদেশৰ জীৱনজোৰা সাধনা বঁটা ২০২১ঘোষণা।সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ সভাপতি ৰজনী বৰ্মনে ঘোষণা কৰে এই কথা।অহা ২নৱেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্র মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদান কৰিব  এই বঁটা।

বিভিন্ন শিতানৰ ৰাজ্যৰ ৩০ গৰাকী বৰেণ্য ব্যক্তিক চলিত বৰ্ষত সমিতি খনে প্ৰদান কৰিব বঁটা।গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদমেলত ঘোষণা কৰে এই কথা।

অখিল ভাৰত হিন্দু মহাসভা অসম প্ৰদেশৰ ২০২১ বৰ্ষৰ পিতৃ ৰত্ন বঁটা লীলাকান্ত মহন্ত, মাতৃ ৰত্ন বঁটা মামনি বৰগোহাঁই(লাভলীনাৰ মাতৃ),  সত্ৰ ৰত্ন বঁটা পীতাম্বৰ দেৱ গোস্বামী,  কৰ্মৰত্ন বঁটা পদ্ম হাজৰিকা, সংবাদৰত্ন বঁটা কনকসেন ডেকা, সাংস্কৃতিক ৰত্ন বঁটা সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰত্ন বঁটা চন্দ্ৰ মুদৈ, অভিনয় বঁটা (বোলছবি) বিদ্যা ৰাও, সংগীত ৰত্ন বঁটা দ্বীপেন বৰুৱা, শিক্ষাৰত্ন বঁটা ডঃ অমৰজ্যোতি চৌধুৰী, সাহিত্য ৰত্ন বঁটা অনুৰাধা শৰ্মা পূজাৰী, প্ৰকৃতি ৰত্ন বঁটা যাদৱ পায়েঙ, সমাজ ৰত্ন বঁটা লাইন্স ক্লাব গুৱাহাটী কেয়াৰ, সংস্কৃত ভাষা ৰত্ন বঁটা উমাকান্ত শৰ্মা, মঞ্চ ৰত্ন বঁটা ভৱেশ বৰুৱা, নৃত্য ৰত্ন বঁটা মৰমী মেধি, জীৱন সঞ্জীৱনী ৰত্ন বঁটা ডাঃ  হিমাদ্ৰী বৰঠাকুৰ, সংবাদ সূৰ্য বঁটা নিতুমণি শইকীয়া,অভিনয় মহাৰথী বঁটা চম্পক শৰ্মা, হাস্য ৰসিক ৰত্ন বঁটা অতুল পাচনি, মঞ্চ সূৰ্য বঁটা মৃদুল ভূঞা, সংগীত সূৰ্য বঁটা দিগন্ত ভাৰতী, অভিনয় শিৰোমণি বঁটা ডাঃ আলক্ষ্য বৰুৱা, কৃষি ৰত্ন বঁটা কন্যকা বহুমুখী কৃষি পাম, সাংস্কৃতিক সূৰ্য বঁটা দীনেশ দাস, ক্ৰীড়া ৰত্ন বঁটা পৰাগ দাস, ক্ষুদ্ৰ উদ্যোগ বঁটা সীতা জখলা, বাণিজ্যক সূৰ্য বঁটা দীপক বৰুৱা আৰু নীতিশ চন্দ্ৰ সৰকাৰ, সমাজ সূৰ্য বঁটা বিপুল ভূঞা, প্ৰশাসনিক আদৰ্শ বঁটা সত্যনাৰায়ণ অধিকাৰী লৈ আগবঢ়াব ।

উল্লেখ্য যে  ২০১৯বৰ্ষত ৫১গৰাকী বৰেণ্য ব্যক্তিক প্ৰদান কৰিছিল এই বঁটা।

গুৱাহাটী প্ৰেছ ক্লাবত বঁটা ঘোষণা অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকা আৰু উপ-সভাপতি অতুল পাচনি।

বঁটাত থাকিব সম্বৰ্ধনা পত্ৰ, জাপি, চেলেং, গামোচা, গীতা, ট্ৰফী।

Your Comments

Related Articles