দুধর্ষ উগ্ৰপন্থী টিংৰাজ ওৰাং ওৰফে কমল মুণ্ডাৰ আত্মসমৰ্পন

A

নিউজ ডেস্ক:


মঙলবাৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ ওচৰত উগ্ৰপন্থী সংগঠন চিপিআই(মাওইষ্ট)ৰ জ্যেষ্ঠ নেতা টিংৰাজ ওৰাং ওৰফে কমল মুণ্ডাই আত্মসমৰ্পণ কৰে।উগ্ৰপন্থী সংগঠনটোৰ ৰাজ্যিক সাংগঠনিক কমিটিৰ আহ্বায়ক উপৰিও বৰাক ব্ৰহ্মপুত্ৰ আঞ্চলিক কমিটি অসমৰ সাধাৰণ সম্পাদক আছিল ওৰাং।

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্ত্ৰাসবাদী আৰু  বিচ্ছিন্নতাবাদী সংগঠনৰ সদস্যক হিংসা-উগ্ৰপন্থা ত্যাগ কৰি মূলসুঁতি উভতি আহিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় ওৰাঙে আত্ম সমৰ্পণ কৰে।

উল্লেখ্য যে ১৯৮৯ চনৰ পৰা ১৯৯৯ চনলৈ চিপিআই(এম), SFI ৰ সদস্য হিচাপে আছিল।ওৰাঙৰ ঘৰ ডিব্ৰুগড় নাহৰনি জয়পুৰ ব্লকৰ ২নং শামুকতোলা গাঁৱত।

গুৰুত্বপূৰ্ণ  কথা এই যে ৪৯বছৰীয়া টিংৰাজে ২০১১ চনত দুই সতীৰ্থৰ সৈতে উৰিষ্যাত গ্ৰেপ্তাৰ হৈছিল।B

Your Comments

Related Articles