অধ্যাপক প্ৰণৱ কুমাৰ গোস্বামীক নয়নতৰা ক্লাৱৰ প্ৰাংগণত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সম্বৰ্ধনা

A

B

 

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ কুমাৰপাৰা স্থিত নয়নতৰা ক্লাৱৰ লগতে পশ্চিম গুৱাহাটী উন্নয়ন সমিতি আৰু কুমাৰপাৰা ভৰলুমুখ ৮ নং ৱাৰ্ড সমিতিৰ উদ্যোগত যোৱা ২৬ছেপ্টেম্বৰ দেওবাৰে এক ৰাজহুৱা সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপক মৃগেন ডেকাই সভাপতিত্ব কৰে আৰু নয়নতৰা ক্লাৱৰ সভাপতি শ্ৰীযুত গৌতম দাসে সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে ৷ উক্ত সভাখনত সন্মানীয় অতিথিৰ আসনৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু মুখ্য অতিথিৰ আসন গ্ৰহণৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক আমন্ত্ৰিত কৰা হয় । অৱশ্যে বিশেষ ব্যস্ততাৰ বাবে অশোক সিংঘাল উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতে সকলোলৈ শুভ বাৰ্তা প্ৰেৰণ কৰে ৷উক্ত সভাখনত পশ্চিম গুৱাহাটীৰ অন্তৰ্গত ভৰলুমুখ,কুমাৰপাৰা আদি অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সভাত উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰি নিজৰ বক্তব্য দাঙি ধৰে ৷

গুৰুত্বপূৰ্ণ কথা এই যে উক্ত সভাখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সুনাম কঢ়িয়াই অনা গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ৰ অধ্যাপক তথা যুৱবিজ্ঞানী প্ৰণৱ কুমাৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷উল্লেখ্য যে অধ্যাপক গোস্বামীয়ে যোৱা আগষ্ট মাহত ইণ্টাৰনেচনেল বিজনেছ মেচিন (আই বি এম) প্ৰতিষ্ঠান আৰু মাইক্ৰ’চফ্টৰ সহযোগী নেটৱৰ্ক প্ৰতিষ্ঠান ইণ্টেলিপাটৰ "মাষ্টাৰ্চ ইন ডাটা ছাইন্স আৰ্কিটেক্ট" ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই কৃতিত্বৰ বাবে আই বি এম প্ৰতিষ্ঠানটোৱে 'ডাটা ছাইন্টিষ্ট' উপাধি প্ৰদান কৰে ৷ইয়াৰ সমান্তৰালভাৱে যোৱা ৯ জুলাই তাৰিখে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান মাইক্ৰ’ছফটৰ অধীনত এটি বিশেষ প্ৰশিক্ষণৰ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰাৰ বাবে" চাইবাৰ ছিকিউৰিটি প্ৰফেচনেল আৰু এথিকেল হেকাৰ " সন্মান তেওঁ লাভ কৰে।২০০৩ চনত মণিপাল ইউনিভাৰ্চিটি কৰ্ণাটকৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি মাষ্টাৰ্চ অৱ আই টিত প্ৰথম শ্ৰেণীৰ প্ৰথম স্হান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা গোস্বামীয়ে চাইবাৰ ক্ৰাইম আৰু চাইবাৰ চিকিউৰিটিৰ ওপৰত গৱেষণা কৰি দেশৰ গৌৰৱ "ৰিচাৰ্ছ এক্সিলেন্স এৱাৰ্ড,২০২০ " সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷প্ৰচুৰ অধ্যয়নশীল শ্ৰী গোস্বামীয়ে মাইক্ৰ’ছফটৰ দ্বাৰা কিছুবছৰ পূৰ্বে আয়োজিত 'আই টি ৱৰ্ল্ড চেম্পিয়নশ্বিপ এৱাৰ্ড কম্পিটিছন’ত অসমৰ পৰা বিজয়ীৰ সন্মান লাভ কৰাৰ লগতে 'LIMCA BOOK OF WORLD RECORDS' ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈও সক্ষম হয় ৷গুৰুত্বপূৰ্ণ কথা এই যে সম্বৰ্ধনা অনুষ্ঠানটিত গৱেষক ,ইনফাৰনেচন টেকন’লজী ইঞ্জিনীয়াৰ গোস্বামীক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম চৰকাৰৰ বিভিন্ন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰকল্প সমূহৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰৰ তৰফৰ পৰা তেখেতক বিভিন্ন দিশত সহযোগৰ আশ্বাসো প্ৰদান কৰে ৷


উল্লেখ্য যে শ্ৰী প্ৰণৱ কুমাৰ গোস্বামী ভৰলুমুখ নিবাসী অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰয়াত ভূৱন মোহন গোস্বামী আৰু শ্ৰী মতী মনোমতী গোস্বামীৰ একমাত্ৰ পুত্ৰ ।

Your Comments

Related Articles