গুৱাহাটীত AJYCP মহানগৰ জিলা সমিতিৰ ধৰ্ণা

A

নিউজ ডেস্ক:

নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ ৰখাৰ দাবীত ধৰ্ণা।অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।২১ ছেপ্টেম্বৰত সংগঠন টোৱে আৰম্ভ কৰা এনএইচপিচিৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ কাৰ্যসূচী দমন কৰা, সংগঠনটোৰ নেতৃত্বক আটক কৰা কাৰ্যৰ বিৰোধিতাৰে মহানগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

উত্তৰপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থৰে নদীবান্ধ নিৰ্মানৰ কাম বন্ধ ৰখাৰ কঠোৰ সকীয়নী।অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ।

আনহাতে, বৃহস্পতিবাৰে প্ৰতিবাদৰ  যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ জিলা  উপায়ুক্তৰ জৰিয়তে দুই-দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে মহানগৰ সমিতিয়ে।

B

Your Comments