কিশোৰী ডিম্পল কুমাৱত হত্যাৰ মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ, পঢ়ি লওঁক

A

নিউজ ডেস্ক:

উজানবজাৰৰ ১৪বছৰীয়া কিশোৰী ডিম্পল কুমাৱতৰ লোমহৰ্ষক হত্যাৰ মৰুণোত্তৰ প্ৰতিবেদন প্ৰকাশ।ভাতৃ আসিক গুপ্তাই ১৫ বাৰকৈ চুৰীৰে আঘাত কৰিছিল ডিম্পলক।ইয়াৰ উপৰিও কিশোৰী ডিম্পলৰ মূৰত গধুৰ বস্তুৰে বহুবাৰ আঘাত কৰাৰ তথ্য মৰুণোত্তৰ প্ৰতিবেদনত স্পষ্ট হৈছে।

উল্লেখ্য যে  তদন্তকাৰী আৰক্ষীৰ হাতত পৰা মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি মূৰত পোৱা আঘাতৰ বাবে ব্ৰেইন হেমাৰেজৰ ফলত মৃত্যু হয় কিশোৰী গৰাকীৰ।

যোৱা ১ছেপ্টেম্বৰত পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত সম্পৰ্কীয় ভাতৃ আসিকে নিৰ্মমভাৱে হত্যা কৰিছিল মৰম লগা ডিম্পলক।হত্যাকাণ্ডৰ ২৪ঘণ্টাৰ পাছতে লতাশিল আৰক্ষীয়ে হত্যাকাৰী চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছিল।বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে হত্যাকাৰী আসিক।

Your Comments