নিউজ ডেস্ক:
ব্রাজিলৰ প্রাক্তন তাৰকা ফুটবলাৰ পেলে আজি হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে পেলেৰ শৰীৰত টিউমাৰৰ অৱস্থিতি ধৰা পেলায় চিকিৎসকে ৷দীৰ্ঘসময় জুৰি কৰা এক অস্ত্রোপচাৰৰ দ্বাৰা টিউমাৰটো আতঁৰাই পেলাবলৈ সক্ষম হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷
বৰ্তমানেও আইচিইউত ৰখা হৈছে তাৰকা ফুটবলাৰ গৰাকীক ৷
চিকিৎসালয়ৰ তৰফৰ পৰা জনোৱা মতে , “ বৰ্তমানে জ্ঞান ঘূৰি আহিছে পেলেৰ । শাৰীৰিক অৱস্হা এতিয়া স্থিতিশীল।” পেলে সুস্থ থকা কথাটো, তেওঁ নিজে সামাজিক মাধ্যমত পোষ্ট কৰিও জানিব দিয়ে । তেওঁ ইনস্টাগ্রামটত ধেমালি কৰি লিখে যে ‘বন্ধুসকল মই প্রতিদিনে অলপ অলপ সুস্থ হৈ উঠিছো ৷ মই আকৌ খেলত নামিম।মাত্ৰ আৰু কিছু দিন সময় অপেক্ষা কৰিব লাগিব পুৰাপুৰি সুস্থ হৈ উঠালৈ ।’
- Log in to post comments
- 16 views