গুৱাহাটী ৰেল ষ্টেচনত ভিস্তাডম ৰেলসেৱা : ফ্লেগ অফ মন্ত্ৰী বিমল বৰাৰ

A

নিউজ ডেস্ক:

উত্তৰ-পূৱ সীমান্ত ৰেলৱেত নতুন  সংযোজন।পৰ্যটনৰ ক্ষেত্ৰত ৰেল বিভাগে আৰম্ভ কৰিছে ভিস্তাডম ৰেলসেৱা।শনিবাৰে এই ভিস্তাদম ৰেলসেৱা গুৱাহাটী ৰেল ষ্টেচনত আনুষ্ঠানিক ভাৱে ফ্লেগ অফ কৰে মন্ত্ৰী বিমল বৰাই।পৰ্যটন বিভাগৰ সহযোগত ভিস্তাদম ৰেল আৰম্ভ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে।

ৰেলসেৱা আৰম্ভ কৰি মন্ত্ৰী বিমল বৰাই কয়- অসমবাসীয়ে সহযোগ আগবঢ়াব লাগিব ভিস্তাদম ৰেলৰ প্ৰতি।পৰ্যটন উদ্যোগক শক্তিশালী কৰাৰ বাবে আন্তঃগাঁথনি চৰকাৰে নিৰ্মাণ কৰিব কিন্তু শৃংখলাবদ্ধ পৰিৱেশ জনসাধাৰনে সৃষ্টি কৰিব লাগিব।শৃংখলাবদ্ধ পৰিৱেশ নাথাকিলে পৰ্যটক ব্যথিত হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ পৰা ডিমা হাছাও হাফলঙ লৈ চলিব ভিস্তাডম ৰেল সেৱা।অত্যাধুনিক আইনা খিৰিকী, আইনাৰ মুধছে অধিক আকৰ্ষিত ৰেলখনত আসনসমূহ ৩৬০ডিগ্ৰী ঘূর্ণীয়মান।যাত্ৰা পথত প্ৰাকৃতিক নান্দনিক দৃশ্য উপভোগৰ সুবিধাৰ বাবে এই ব্যৱস্থা।

আনহাতে, ৰেলখনত নিৰাপত্তাত সংযোজন কৰা হৈছে চিচিটিভি।ডিজিটেল ডিচপ্লেত বিনোদনৰো ব্যৱস্থা আছে ভিস্তাদমত।

উল্লেখ্য যে জাতিংগা উপত্যকা মাইবং পাহাৰৰ সেউজীয়াৰ মাজে-মাজে গতি কৰিব ভিস্তাডমে।

ৰেল বিভাগে জানিব দিয়া অনুসৰি ভিস্তাডমৰ ভাড়া ১১৩০টকা।ৰেল ষ্টেচনৰ টিকট কাউণ্টাৰত অগ্ৰীম বুকিং কৰিব লাগিব টিকট।

গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বুধবাৰ আৰু শনিবাৰে পুৱা ৬.৩৫ বজাত যাত্ৰা কৰিব ভিস্তাডমে।দিনৰ ১২ বজাত নিউ হাফলং পাব ৰেলখন।

Your Comments