মটৰ পৰিবহন সন্থাৰ ৫০শতাংশ ভাড়া বৃদ্ধি দাবীক বিৰোধিতা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

A

নিউজ ডেস্ক:

সদৌ অসম মটৰ পৰিৱহণ সন্থাৰ ৫০ শতাংশ ভাড়া বৃদ্ধিৰ দাবীক বিৰোধিতা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।সংগঠনটোৱে কয়- ১ ছেপ্টেম্বৰৰ পৰা চলাচল কৰিব লগা বাছসমূহে ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা যি ঘোষণা কৰি আহিছে  সেইয়া ক'ৰনা পৰিস্থিতিৰ মাজত কোনো কাৰণত অসমবাসীয়ে মানি লব নোৱাৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃত্তিত সংগঠনটোৱে স্পষ্ট কৰি মটৰ পৰিবহন সন্থাক আহ্বান জনায় কয়- অহা ৬ মাহলৈ ভাড়া বৃদ্ধিৰ যাতে কোনোধৰণৰ প্ৰস্তাৱ নলয়।কাৰণ ক’ভিড পৰিস্থিতিয়ে ৰাজ্যৰ  সমগ্ৰ জতাক জুৰুলা কৰি থৈ গৈছে।এনে পৰিস্থিতিত কোনো কাৰণত ৫০ শতাংশ ভাড়া বৃদ্ধিৰ বিষয়টো গ্ৰহণযোগ্য নহয়।

সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ স্বাক্ষৰ সম্বলিত বিবৃত্তিত মটৰ পৰিবহণ সন্থাক স্পষ্ট কৈ সকিয়নী প্ৰদান কৰি কয়- যদি সন্থাই তেওঁলোকৰ সিদ্ধান্তত অটল থাকে তেন্তে দুৰ্নীতি বিৰোধী যুৱ- শক্তি অসমে বাহনসমূহ চলাচলত অনিৰ্দিষ্টকালীন ব্যাঘাত জন্মাব।

ইফালে মুখ্যমন্ত্ৰী-পৰিবহন মন্ত্ৰীক মটৰ পৰিবহণ সন্থাৰ লগত আলাপ-  আলোচনাৰ জৰিয়তে সিদ্ধান্ত লোৱা  অনুৰোধ জনায় সংগঠনটোৱে।

উল্লেখ্য যে উজনি অসমৰ বাছ মালিক সন্থাই ৫০শতাংশ ভাড়া বৃদ্ধিৰ বাবে  অহা ১ছেপ্টেম্বৰৰ পৰা বাছ চলাব বুলি শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছিল।অন্যথা বাছসেৱা বন্ধ ৰাখিব বুলিও তেওঁলোকে কয় ।
 
আনহাতে, ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এদিন পূৰ্বে স্পষ্ট কৰি দিছে ৫০শতাংশ ভাড়া বৃদ্ধি নহব বুলি।B

Your Comments