নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

A

নিউজ ডেস্ক:


মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ধেমাজি জিলা উকীল সন্থাৰ।ছাত্ৰী গৰাকীৰ হত্যাকাৰীৰ হৈ জিলাখনৰ কোনো এজন উকীলে নকৰে ওকালতি।জিলাখনৰ উকীল সন্থাই ঘোষণা কৰিছে এই কথা।

নন্দিতাৰ তিলনীৰ দিনাখন উকীল সন্থাই সমগ্ৰ ঘটনাটোক গৰিহণা প্ৰদান কৰি কয়- 'এই ঘটনাত অত্যন্ত মৰ্মাহত হৈছোঁ।ঘাটক ৰিন্টু শৰ্মাৰ হৈ ধেমাজি জিলা উকীলসকলে কোনো ধৰণৰ উকালতি নকৰো'।

আনহাতে, নন্দিতা হত্যাকাণ্ডৰ ফাষ্টট্ৰেক আদালতত বিচাৰৰ সিদ্ধান্তৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনায় উকিল সন্থাই।গোচৰটো সোনকালে নিষ্পত্তি হোৱাৰ লগতে দোষীয়ে উচিত শাস্তি লাভ কৰিব বুলি আশাবাদী উকীল সন্থা।

Your Comments