অসমৰ ইতিহাসত বিদ্যালয় ধ্বংস কৰা ডাঙৰ পুৰোহিতজন হিমন্ত বিশ্ব শৰ্মা- অখিল গগৈ

A

নিউজ ডেস্ক:

অসমৰ ইতিহাসত চৰকাৰী খণ্ডৰ বিদ্যালয় ধ্বংসকাৰী পুৰোহিতজন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।তেওঁ শিক্ষামন্ত্ৰী কালতে বন্ধ হ'ল সৰ্বাধিক চৰকাৰী বিদ্যালয়।এইবাৰ মুখ্যমন্ত্ৰী হৈ ধ্বংস কৰিব বিচাৰিছে অ'এনজিচিক- মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান ৰক্ষা কৰিব নোৱাৰা শৰ্মাই অ'এনজিচি অসম এছেটক অইল ইণ্ডিয়াৰ সৈতে একত্ৰিকৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ৰাইজৰ দল' মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি গগৈয়ে কয়- শিৱসাগৰৰ মূল অৰ্থনীতি অ'এনজিচিক কোনো কাৰণত একত্ৰিকৰণ কৰিবলৈ দিয়া নহব।ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিব।

ইফালে কৃষক মুক্তি-ছাত্ৰ মুক্তিকো চৰকাৰ নীতিৰ বিৰুদ্ধে ব্যাপকৰূপে প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায় শিৱসাগৰ বিধায়ক গগৈয়ে।

Your Comments