বিজেপি- আৰএছএছৰ নাগপাশত নিৰাপদ নহয় দেশ: ২৪ শতাংশ হ্ৰাস মোডী জনপ্ৰিয়তা- অখিল গগৈ

A

নিউজ ডেস্ক:


'বিজেপি-আৰএছএছৰ হাতত দেশ নিৰাপদ নহয়।দেশ থান-বান কৰি ৰাজহুৱা সম্পত্তি বিক্ৰীৰে ৬লাখ কোটি টকা আহৰণ কৰিব খুজিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে।৭০ বছৰত আহৰণ কৰা ৰাজহুৱা সম্পদ বিক্ৰী কৰিব লগা হ'ল দেশৰ।বিজেপি-আৰএছএছ সমৰ্থকে যিমানে ফিতাহী নামাৰক কিন্তু দেশ বৰ্তমান দেউলীয়া'- এই মন্তব্য ৰাইজৰ দল ৰ সভাপতি বিধায়ক অখিল গগৈৰ।২৫টা বিমানবন্দৰ, ৪০টা ৰেলষ্টেচন, ৯০খন যাত্ৰীবাহী ৰেল, ১৫ খন ৰেলৱে খেলপথাৰ -কলনী, ৭৪১ কিঃমিঃ ৰেলপথ বিক্ৰীয়ে প্ৰমাণ কৰে অৰ্থনৈতিক ভাৱে বিধ্বস্ত আজি দেশ বুলি তেওঁ কয়।

নৰেন্দ্ৰ মোডীৰ অসুৰ বানে দেশক দেউলীয়া কৰিলে।জি.এছ.টি, বিমুদ্ৰাকৰণ, অ-পৰিকল্পিত লকডাউনৰ অভিশাপে অধোন্নতিৰ অটল গহ্বৰত ভাৰতবৰ্ষ।এই  কথা উল্লেখ কৰি অসমবাসীকআহ্বান কৰি অখিলে কয়- বিজেপিৰ ভাৰত বিক্ৰী বিৰুদ্ধে অসমবাসী ঐক্যবদ্ধভাৱে থিয় দিব লাগিব।আৰ.এছ.এছ- বিজেপি নাগপাশৰ পৰা উদ্ধাৰ হবলৈ ২০২৪ত  মোডীক বিদায় দিব লাগিব।

ইফালে অহা নির্বাচনত বিজেপি- আৰএছএছক পৰাভূত কৰাত জাতীয় দায়িত্ব হিচাপে ৰাইজৰ দলে আগভাগ লোৱা কথা মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলত উল্লেখ কৰে গগৈয়ে।এই বিষয়ত ভাৰতবৰ্ষৰ আঞ্চলিক দল সমূহৰ সৈতে ৰাইজৰ দলে আৰম্ভ কৰিছে আলোচনা।বিজেপিবিৰোধ আঞ্চলিক বিন্যাসত ৰাইজৰ দল চামিল হ’ব। 


প্ৰথমগৰাকী অলিম্পিক বিজয়ী অসমীয়া লাভলীনা বৰগোঁহাইয়ে অনুশীলন কৰা পল্টনবজাৰস্থিত চা'ই কেন্দ্ৰ ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিব খোজা কথা অৱগত কৰে গগৈয়ে।উল্লেখ্য যে ব্যক্তিগত কোম্পানীৰ হাতত কেন্দ্ৰটো তুলি দিলে খেলুৱৈসকলে বিনামূলীয়াকৈ গ্ৰহণ কৰিব নোৱাৰিব অনুশীলন।

অম্বিকাগিৰী থকা হলে দেশ গ’ল বুলি অসম হুলস্থুল লগাই দিলে হয়।কিন্তু অম্বিকাগিৰী নাই, নাই জ্যোতি-বিষ্ণু বুলি গুৰুত্বপূৰ্ণ যুক্তি দাঙি ধৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়- অসমবাসীৰ সংগ্রাম ফচল গুৱাহাটী-বাৰানসী ১০৯৮ কিঃমিঃ পাইপলাইন ব্যক্তিগত খণ্ডৰ হাতত গটোৱাৰ লগতে গুৱাহাটী- শ্বিলং বাইপাছ তুলি দিব ব্যক্তিগত কোম্পানীক।

ৰাইজৰ দলৰ মঠঘৰীয়াৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সংবাদমেলত অখিলে কয়- দেশ দেউলীয়া কৰা মোডীৰ জনপ্ৰিয়তা পূৰ্বৰ তুলনাত ২৪ শতাংশ হ্ৰাস পাইছে।

Your Comments